NORTHEAST NOW (Assamese)

হোজাই, সৰভোগত মেট্ৰিকত অনুত্তীৰ্ণ হোৱাত আত্মহত্যাৰ পথ গ্ৰহণ ছাত্ৰীৰ

May 16, 2019 2:18 pm · নিখিল মুন্দ্ৰা
Updated: May 16, 2019 8:31 pm
ফটো : নৰ্থ-ইষ্ট নাও

বুধবাৰে ছেবাই ঘোষণা কৰা অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হোৱা হোজাই জিলাৰ লংকাৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ছোৱালী গৰাকীয়ে হোজাই জিলাৰ লংকাস্থিত বাডছ ইংলিছ স্কুলৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বুধবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছতে ছাত্ৰী গৰাকীয়ে তালিকাত নিজৰ নাম দেখা নাপাই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছাত্ৰী গৰাকীৰ নাম দিপীকা দে’ বুলি জানিব পৰা গৈছে। তেওঁ ৬০০ নম্বৰৰ ভিতৰত ২৩৫ নম্বৰ লাভ কৰিছিল।

ছাত্ৰী গৰাকীৰ ঘৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰাম বস্তিত। গৌতম চন্দ্ৰ দে’ আৰু শিল্পী দে’ৰ তৃতীয় কন্যা দিপীকাৰ মৃতদেহ নিজৰ ঘৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবেই ছাত্ৰী গৰাকীয়ে এই চৰম পথ বাচি লয় বুলি সন্দেহ প্ৰকাশ কৰিছে  স্থানীয় লোকে। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

আনহাতে, যোৱা ১৫ মে’ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে সৰভোগৰ পশ্চিম বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ফলাফল বেয়া হোৱাৰ বাবে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে।

বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ ছাত্ৰীগৰাকীয়ে ঘৰৰ চিলিঙত চিপ লৈ আত্মহত্যা কৰে।

Related News