NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 16, 2019 2:15 pm
anup

বুধবাৰে মহানগৰীৰ জু ৰোডৰ ‘গুৱাহাটী চেণ্ট্ৰেল’ৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই। গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া দিয়ে নেতাজনে।

আলফা স্বাধীনে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত এই ঘটনাক গৰিহণা দি তেওঁ কয়, ‘কোনে কৰিছে মই অৱশ্যে নাজানো। কিন্তু এটা কথা ঠিক, এনেদৰে বোমা বিস্ফোৰণৰ দ্বাৰা তেওঁলোক লক্ষ্যত উপনীত হ’ব পাৰিব বুলি আমি নাভাবো।’

‘যি পক্ষই নকৰক, লাগিলে আলফা স্বাধীনে কৰক, কোনো ব্যক্তি যাতে সামাজিক জীৱন যাত্ৰাত ক্ষতি নহয়, তথা ব্যক্তিগত ভাৱে ক্ষতি হলে ই লক্ষ্যত কেতিয়াও উপনীত হোৱাত সহায় নকৰে। সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁলোকলৈ আহ্বান জনাইছো।’ চেতিয়াই কয়।

তেওঁ আৰু কয় ‘কেইজনমান নিৰীহ মানুহ ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। কিছু ক্ষণ পূৰ্বে মইও সেই ৰাস্তাৰে পাৰ হৈ আহিছিলোঁ। গতিকে সেই পথেদি আহি থকা সময়ত দুৰ্ঘটনাৰ বলি মইও হ’ব লগা হ’ল হেতেন যদিহে অলপ পূৰ্বে সেই ঘটনাটো ঘটিল হেতেন।গতিকে মইও নিজে আঘাতপ্ৰাপ্ত বা মৃত্যু পথলৈ গতি কৰিবলৈ কেতিয়াও নিবিচাৰোঁ।’

উল্লেখযোগ্য যে কালিৰ উক্ত গ্ৰেণেড বিস্ফোৰণত ১২জন লোক আঘাতপ্ৰাপ্ত হৈছিল।