NORTHEAST NOW (Assamese)

পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব ক’ৰ’ণা আক্ৰান্ত ভোটাৰে

August 21, 2020 8:50 pm · এন ই নাও নিউজ

দেশত এতিয়াও অব্যাহত আছে ক’ৰ’ণাৰ মহা সংহাৰ।ক’ৰ’ণাৰ সংহাৰৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যত বিধান সভা নিৰ্বাচনকে ধৰি উপ-নিৰ্বাচনো অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

ক’ৰ’ণাতংকৰ মাজতে অনুষ্ঠিত হ’ব বিহাৰ বিধান সভাৰ নিৰ্বাচন।বিধান সভা তথা বিভিন্ন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ভোটাৰ আৰু প্ৰাৰ্থীৰ বাবে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

শুকুৰবাৰে নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সমাগত নিৰ্বাচনত ক’ৰ’ণাত আক্ৰান্ত ভোটাৰ সকলে ঘৰতে থাকি পোষ্টেল বেলটৰ জৰিয়তে বোটদানৰ সুবিধা লাভ কৰিব।

একেদৰে ৮০ বছৰ বা তাৰ উৰ্দ্ধৰ ভোটাৰ সকলেও পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব।সমাগত নিৰ্বাচন সমূহত প্ৰাৰ্থীয়ে অনলাইনৰ যোগে মনোনয়ন দাখিল কৰিব পাৰিব।

যিসকল প্ৰাৰ্থীয়ে সোঁশৰীৰে মনোনয়ন দাখিল কৰিব বিচাৰে তেওঁলোকে লগত মাত্ৰ দুজন লোককহে নিব পাৰিব।

প্ৰাৰ্থীয়ে ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ সময়ত সৰ্বাধিক পাঁচজন লোককহে লগত নিব পাৰিব।

ভোটদান কৰাৰ সময়ত ভোটাৰে সকলে হাতত গ্লোভছ পিন্ধি ল’ব লাগিব।

গ্লোভছৰ যোগান ভোটকেন্দ্ৰৰ পৰাই ধৰা হ’ব।ভোটকেন্দ্ৰৰ পৰাই ভোটাৰক ভোটদানৰ সময়ত ছেনিটাইজাৰ যোগান ধৰা হ’ব।

ভোটদানৰ পূৰ্বে ভোটাৰৰ শৰীৰৰ তাপমাত্ৰাও পৰীক্ষা কৰা হ’ব আৰু যিসকলৰ তাপমাত্ৰা বেছি থাকে তেওঁলোকক এঘণ্টা পিছত পুনৰ তাপমাত্ৰা পৰীক্ষা কৰিহে ভোট দিবলৈ দিয়া হ’ব। ক’ৰ’ণাতংকৰ বাবেই নিৰ্বাচন আয়োগে এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News