NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল লিখন আৰু পোষ্টাৰিং

Posted by: চানু গগৈ Updated by: চানু গগৈ November 29, 2020 2:06 pm
a index

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমানৰ উপদ্দেষ্টা অখিল গগৈক কাৰামুক্ত কৰাৰ দাবীৰে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে চহৰখনত দেৱাল লিখন আৰু পোষ্টোৰিং কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিৱৰ্তনকামী বিজেপি আৰু মিত্ৰজোঁটৰ সোণোৱাল চৰকাৰখনে অসমৰ ৰাইজৰ প্ৰতিবাদৰ কণ্ঠৰুদ্ধ কৰিবলৈ মনেসজা গোচৰত কৃষকনেতা গৰাকীক এনেদৰে কাৰাৰূদ্ধ কৰা কাৰ্যক তীৰ্ষক ভাষাৰে সমালোচনা কৰে।

লগতে শীঘ্ৰে  নিৰৱচ্ছিন্নভাবে অসম আৰু খিলঞ্জীয়াৰ হকে যুঁজি অহা অখিল গগৈক মুক্তি দিবলৈ দেৱাল লিখন তথা পোষ্টাৰিং কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।