নিশা কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা; কেইবাজনো লোক আহত, এজনৰ অৱস্থা সংকটজনক

যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজান কমাৰ খাটোৱালৰ সমীপত শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
নামনিৰ খাৰুপেটিয়াৰ পৰা উজনিৰ মৰাণলৈ বিলাহী কঢ়িয়াই অনা ( AS 04 BC 5474 ) নম্বৰৰ বলেৰ’ পিকাপ ভানেৰে (AS 02 E 2711) নম্বৰৰ মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত বলেৰ’ পিক আপ ভানখনৰ ড্ৰাইভাৰ জন আৰু কেইবাজনো আৰোহী গুৰুতৰভাৱে আহত হয়।
ইপিনে, মালবাহী ট্ৰাকখনৰ পাছে পাছে আহি থকা মালবাহী টাটা এ চি গাড়ীয়ে মালবাহী ট্ৰাকখনৰ পিছপিনে খুন্দা মৰাত টাটা এচি গাড়ী খনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে।
দুৰ্ঘটনাৰ ফলত বলেৰ’ পিক আপৰ ড্ৰাইভাৰ জন বহু সময় ধৰি গাড়ীৰ ভিতৰতে চেপা খাই থাকে যদিও স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে তেওঁক বাহিৰলৈ উলিয়াই আনি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।