NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসৰ দিনাই প্লাষ্টিকমুক্ত গাঁও গঢ়াৰ সংকল্প পুৰণিগুদামৰ এখন গাঁৱৰ

January 26, 2020 8:41 pm · ভাৰ্গব হাজৰিকা
ফটো ন নৰ্থ-ইষ্ট নাও

অত্যাধিক প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশৰ প্ৰতি ব্যাপক ভাবুকি অনাৰ সময়তে প্লাষ্টিক মুক্ত গাঁও গঢ়াৰ লক্ষ্যৰে আগবাঢ়িছে এখন বিশেষ গাঁও।

গণতন্ত্ৰ দিৱসৰ দিনাই চৰ্চালৈ অহা এই বিশেষ গাঁওখন হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী পোটনী গাঁও। গাঁওখনত এতিয়া আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে একাংশ নীলা ৰঙৰ ডাষ্টবিন।

গাঁওখনত সোমালেই দেখিবলৈ পোৱা যায় এই বিশেষ ডাষ্টবিন সমূহ। এখন পৰিস্কাৰ আৰু প্লাষ্টিক মুক্ত গাঁও গঢ়াৰ লক্ষ্যৰে স্থাপন কৰা হৈছে এই বিশেষ ডাষ্টবিন সমূহ।

আনহাতে গ্ৰামাঞ্চলৰ ৰাইজে বুজিব পৰাকৈ পোটনী গাঁৱৰ এটা বিশেষ স্থানত খোদিত কৰিছে ভাৰতীয় সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ অংশ।

অঞ্চলটোৰ কাষৰীয়া গাঁও সমূহৰ বাবে আৰ্দশ হৈ পৰা পোটনী গাঁৱত নিষিদ্ধ কৰা হৈছে প্লাষ্টিকৰ সামগ্ৰী। প্লাষ্টিকে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আনিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহন কৰিছে এই বিশেষ পদক্ষেপ।

উল্লেখ্য যে, গণতন্ত্ৰ দিৱসৰ পুৱাই পতাকা উত্তোলন কৰাৰ পাছতেই পোটনী গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চাফাই অভিযানৰ কাৰ্যসূচীও গ্ৰহণ কৰে।

Related News