NORTHEAST NOW (Assamese)
অসম

এ পি ডি চি এলৰ পৰীক্ষা সন্দৰ্ভত মুখ খুলিলে শক্তি মন্ত্ৰী তপন গগৈয়ে

Posted by: এন ই নাও নিউজ April 29, 2019 6:35 pm

২৮ এপ্ৰিলত ৰাজ্যজুৰি অসম শক্তি বিতৰণ বিভাগৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত চূড়ান্ত বিসংগতি হোৱাৰ অভিযোগ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ শক্তি মন্ত্ৰী তপন গগৈয়ে।

আজি মুখ্য মন্ত্ৰীৰ বাসগৃহত এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত অনু্ষ্ঠিত হোৱা পৰ্য্যালোচনা বৈঠকত শক্তি মন্ত্ৰী গৰাকীয়ে বিভাগটোত নিযুক্তি প্ৰক্ৰিয়া সম্পুৰ্ণ স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত হ’ব বুলি মন্তব্য কৰে।

আনহাতে, চৰকাৰক বিপদত পেলাবৰ বাবে একাংশ দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰি এনেধৰণৰ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইতিমধ্যে পৰীক্ষাৰ নিয়োগ ব্যৱস্থাক লক্ষ্য কৰি অপ্ৰীতিকৰ আৰু অবিশ্বাসৰ পৰিবেশ তৈয়াৰ কৰিব বিচৰা ৮ জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, দুৰ্নীতিৰ ক্ষেত্ৰত সদায় শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা বুলি মন্তব্য কৰা মুখ্য মন্ত্ৰী সোণোৱালে এ পি ডি চি এলৰ পৰীক্ষা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নকৰিলে।

মুখ্য মন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী, শক্তি মন্ত্ৰী তপন গগৈৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু মুখ্য সচিব আলোক কুমাৰ উপস্থিত থাকে।

উল্লেখযোগ্য যে, ২৮ এপ্ৰিলত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কেইমিনিট মান পাছতে হোৱাটছ এপ গ্ৰুপত ভাইৰেল হৈছিল। নগাঁও জিলাৰ এটা পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকে বিশেষ পৰিক্ষাৰ্থীক সহায় কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।