NORTHEAST NOW (Assamese)
অসম

সন্মানীয় ‘অৰ্জুন বঁটা’ৰ বাবে প্ৰেৰণ মিজোৰামৰ ফুটবলাৰ জেজেৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2019 5:34 pm
Jeje-Lalpekhlua

চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মিজোৰামৰ প্ৰতিভাৱান ফুটবলাৰ তথা ভাৰতীয় দলৰ অনুভৱী ফৰৱাৰ্ড জেজে লালপেখলুয়াৰ নামটো প্ৰেৰণ কৰিছে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে। জেজেৰ লগতে ভাৰতীয় দলৰ গ’ল ৰক্ষক গুৰপ্ৰীত সিঙৰ নামো প্ৰেৰণ কৰা বুলি ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক কুশল দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে ফেডাৰেশ্যনে ২০১৭ চনৰ পৰাই মিজোৰামৰ এইগৰাকী ফুটবলাৰৰ লগতে সিঙৰ নামটো অৰ্জুন পুৰষ্কাৰৰ বাবে প্ৰেৰণ কৰি আহিছে। কিন্তু দুয়োবাৰে অৰ্জুন বঁটা সমিতিয়ে তেওঁলোকৰ প্ৰস্তাব নাকচ কৰা পৰিলক্ষিত হৈছিল। যদি সমিতিয়ে দুয়োগৰাকী ফুটবলাৰৰ নাম এইবাৰো নিৰ্বাচন নকৰে তেন্তে ক্ৰমাগত তৃতীয়বাৰৰ বাবে উপেক্ষিত হৈ ৰ’ব উত্তৰ-পূবৰ এইগৰাকী প্ৰতিভাৱান ফুটবলাৰ।

অৰ্জুন আৰু পদ্মশ্ৰী বঁটা প্ৰাপক তথা ভাৰতীয় ফুটবলৰ আটাইতকৈ সফলতম অধিনায়ক সুনীল চেত্ৰীৰ পাছতে জেজে আৰু সিন্ধু ভাৰতৰ হৈ বেছি সংখ্যক খেলত প্ৰতিনিধিত্ব কৰা খেলুৱৈ।

ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰীৰ সৈতে যুটী বান্ধি বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা জেজেয়ে এই পৰ্যন্ত ভাৰতৰ হৈ ২৩টা গ’ল কৰিবলৈ সক্ষম হৈছে। মিজোৰামৰ ২৮ বছৰীয়া ফুটবলাৰগৰাকী বৰ্তমান চেন্নাইন এফ চিত চুক্তিবদ্ধ হৈ আছে।

আনহাতে বৰ্তমান বেংগালুৰু এফ চিৰ সৈতে চুক্তিবদ্ধ হৈ থকা গুৰপ্ৰীত সিং হৈছে একমাত্ৰ ভাৰতীয় ফুটবলাৰ যিয়ে ২০১৬ত য়ুৰোপিয়ান টপ ডিভিজনৰ কম্পেটেটিভ মেচ খেলিবলৈ সুযোগ পাইছিল। খেলুৱৈগৰাকীয়ে তেতিয়া নৰৱে’ৰ ক্লাব ষ্টেবেইক (Stabaek)ৰ হৈ চুক্তবদ্ধ হৈ আছিল।