NORTHEAST NOW (Assamese)

বেলেগ ধৰ্মৰ যুৱকৰ সৈতে পলাই যোৱা যুৱতীৰ ঠেং-ভৰি ভাঙি দিয়ক : অভিভাৱক সমাজলৈ আহ্বান প্ৰজ্ঞা ঠাকুৰৰ

October 21, 2025 7:31 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ বিতৰ্কত ভোপালৰ প্ৰাক্তন বিজেপি সাংসদ সাধৱী প্ৰজ্ঞা সিং ঠাকুৰৰ। যদিহে হিন্দু পৰিয়ালৰ কোনো যুৱতীয়ে আন ধৰ্মৰ যুৱকৰ সৈতে বিয়া হৈ যায় তেন্তে তেনে যুৱতীৰ ঠেং-ভৰি ভাঙি দিব লাগে। অভিভাৱক সকলক এই পৰামৰ্শ দিছে নেত্ৰীগৰাকীয়ে।

প্ৰাক্তন সাংসদগৰাকীৰ মতে, হিন্দু মূল্যবোধ অনুসৰণ নকৰা আৰু পিতৃ-মাতৃৰ কথা নুশুনা সকলো ছোৱালীকে এইদৰে শাস্তি দিয়া উচিত।

দেওবাৰে ভোপালত এক ধৰ্মীয় অনুষ্ঠানত প্ৰজ্ঞা সিং ঠাকুৰে কয়, “যদি আমাৰ ছোৱালীয়ে অহিন্দু পুৰুষৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে আৰু ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰে, তেন্তে ভৰি ভাঙি দিবলৈ দুবাৰ নাভাবিব। কাৰণ আমাৰ মূল্যবোধক অনুসৰণ নকৰা আৰু পিতৃ-মাতৃৰ কথা নুশুনা ছোৱালীক শাস্তি দিব লাগিব।”

লগতে তেওঁ কয়, “আপুনি যদি আপোনাৰ সন্তানৰ ভাল হোৱাতো বিচাৰে, তেন্তে আপুনি তেওঁলোকক মাৰপিট কৰিব লাগিব, শাৰীৰিকভাৱে আঘাত দিব লাগিব। পিতৃ-মাতৃয়ে নিজৰ সন্তানক তেওঁলোকৰ উন্নত ভৱিষ্যতৰ বাবে শাস্তি দিয়ে, তেওঁলোকক আঘাত  দিবলৈ নহয়। কন্যা সন্তান জন্ম হ’লে মাতৃসকলে আনন্দ কৰি কয় যে লক্ষ্মী ঘৰলৈ আহিছে; সকলোৱে অভিনন্দন জনায়। কিন্তু তাই ডাঙৰ হৈ ঘৰৰ পৰা পলাই যোৱা উচিত নহয়।”

সাধৱী প্ৰজ্ঞাৰ এই মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সচেতন সমাজে এই নীচ মন্তব্যৰ বাবে সমালোচনা কৰিছে প্ৰাক্তন সাংসদগৰাকীক।

Related News