NORTHEAST NOW (Assamese)

পুনৰ মুখ্যমন্ত্ৰী পদত এন বীৰেন সিং,গোৱাত প্ৰমোদ সাৱন্তৰ দ্বিতীয় কাৰ্যকাল

March 16, 2022 3:10 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ শীৰ্ষ মহলে ঘোষণা কৰিছে গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে পূৰ্বৰ মুখ্যমন্ত্ৰী দুগৰাকীকে বাহাল ৰাখিছে বিজেপিয়ে।

ইয়াৰ লগে লগে গোৱাত প্ৰমোদ সাৱন্ত আৰু মণিপুৰত এন বীৰেন সিঙে দ্বিতীয় কাৰ্যকাল লাভ কৰাটো নিশ্চিত হয়।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত কেইবালানিও আলোচনাৰ পিছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় বুলি বিজেপিৰ এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়ে।

দুয়োগৰাকী নেতাই আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

হোলীৰ পিছতে দুয়োগৰাকী নেতাই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

যোৱা ১০ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী পদক লৈ যথেষ্ট চৰ্চা চলিছিল।

মণিপুৰত বিজেপিয়ে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাছিল। বীৰেন সিঙৰ লগতে বিশ্বজিৎ সিঙৰ নাম মুখ্যমন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চিত হৈছিল।

Related News