NORTHEAST NOW (Assamese)
Popular Stories

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

Posted by: এন ই নাও নিউজ. গুৱাহাটী Updated by: এন ই নাও নিউজ. গুৱাহাটী July 12, 2026 8:22 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

কাজিৰঙাৰ ইংলে পথাৰত ভূমি ৰক্ষা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত যুৱ নেতা প্ৰণৱ দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ডি ৱাই এফ আইয়ে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে তেওঁৰ তাৎক্ষণিক মুক্তিৰ দাবী উত্থাপন কৰিছে। দেওবাৰে সংগঠনটোৰ অসম ৰাজ্যিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে চৰকাৰে আৰক্ষী আৰু প্ৰশাসনক ব্যৱহাৰ কৰি এনেদৰে গণতান্ত্ৰিক আন্দোলন দমন কৰিব বিচৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি সমগ্ৰ ৰাইজক ঐক্যবদ্ধ হবলৈ আহ্বান জনাইছে।

সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকসকলে যুগ যুগ ধৰি কৃষি কৰ্ম কৰি অহা ভূমি হঠাতে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে পুঁজিপতি গোষ্ঠীক গটাই দিয়াৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। নিজৰ ভূমি কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ দিয়া কৃষকসকলৰ এই আন্দোলনক ডি ৱাই এফ আইকে ধৰি ৰাজ্যৰ বহু দল-সংগঠনে সমৰ্থন প্ৰকাশ কৰিছে। কৃষকসকলৰ স্বাৰ্থত ভূমি অধিগ্ৰহণৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই অহা আন্দোলনটোত প্ৰণৱ দলেই সক্ৰিয়ভাৱে জড়িত আছিল। কিন্তু শেহতীয়াকৈ আৰক্ষীয়ে হঠাতে দলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

যুৱ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত ডি ৱাই এফ আইয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে দাবী কৰা মতে, কৰ্পৰেটৰ স্বাৰ্থক প্ৰাধান্য দিয়া বিজেপি চৰকাৰৰ নব্য-ফেচিবাদী প্ৰৱণতাসমূহ সমগ্ৰ দেশতে প্ৰকট হৈ উঠিছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জনগণৰ বাকস্বাধীনতা, সাহিত্য-শিল্প-কলা প্ৰকাশৰ স্বাধীনতা আৰু সভা-সমাৱেশ বা প্ৰতিবাদ অনুষ্ঠিত কৰাৰ দৰে সংবিধানপ্ৰদত্ত গণতান্ত্ৰিক অধিকাৰসমূহৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে বুলি তেওঁলোকে অভিযোগ কৰিছে। চৰকাৰখনে স্বৈৰাচাৰী মনোভাৱেৰে গণতান্ত্ৰিক আন্দোলনসমূহ দমন কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনক নিৰ্লজ্জভাৱে ব্যৱহাৰ কৰা বুলিও প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

চৰকাৰৰ এনে দমনমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সকলোকে একত্ৰিত হবলৈ ডি ৱাই এফ আইয়ে আহ্বান জনাইছে। প্ৰণৱ দলেক অতি শীঘ্ৰে মুক্তি দিয়াৰ লগতে চৰকাৰৰ স্বৈৰাচাৰী কাম-কাজৰ বিৰুদ্ধে আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সপক্ষে থিয় দিবলৈ সকলো শ্ৰেণীৰ জনগণক সংগঠনটোৱে সমবেত হোৱাৰ অনুৰোধ জনাইছে। নেতাগৰাকীৰ গ্ৰেপ্তাৰ আৰু কাজিৰঙাৰ ভূমি আন্দোলনক লৈ বৰ্তমান ৰাজ্যখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।