NORTHEAST NOW (Assamese)

নগাঁৱৰ পুৰণিগুদামত ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমাৰে পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

September 27, 2019 11:11 am · ভাৰ্গব হাজৰিকা
Updated: September 27, 2019 11:57 am
ফটো : নৰ্থ-ইষ্ট নাও

সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ পুৰণিগুদামতো চলিছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি।

১৯০১ চনতে স্থানীয় শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে বাৰিৰ বেল গছৰ কাঠৰে নিৰ্মাণ কৰা তথা ১১৮ বছৰ গৰকা পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমা ভাগকো পূজাৰ প্ৰাক্ ক্ষণত ৰং-তুলিকাৰে ন-ৰূপ দিয়াত ব্যস্ত।

বিগত ৩২বছৰৰ দৰে এইবাৰো সেই কামত ব্যস্ত হৈ পৰিছে লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মা। কেৱল ৰং-তুলিকাৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দাতা সকলে প্ৰদান কৰা বিভিন্ন সাজ-সজ্জা, অলংকাৰেৰে বিভূষিত কৰি মা দুৰ্গাক ষষ্ঠী পূজাৰ পূৰ্বে সম্পূৰ্ণৰূপে তৈয়াৰ কৰাত ব্যস্ত শিল্পীগৰাকী।

উল্লেখযোগ্য যে, ১৩৫ বছৰ গৰকা অৰ্থাৎ ১৮৮৫ চনৰ পৰাই পুৰণিগুদামত আৰম্ভ হোৱা পূজাত মা দুৰ্গাৰ মৃন্ময় মূৰ্তি দশমীৰ দিনা কলঙত বিসৰ্জন দিয়াৰ বেদনা সহ্য কৰিব নোৱাৰি লেৰেলা খনিকৰে নিজৰ বাৰিৰ বেল গছৰ কাঠেৰে দুৰ্গা মা মূৰ্তিৰ লগতে আন দেৱ-দেৱী সকলৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছিল।

কিন্তু মহিষাসুৰৰ মূৰ্তি নিৰ্মাণ কৰিবৰ বাবে অভাৱ হৈছিল কাঠৰ। প্ৰবাদ আছে যে সেই সময়ত লেৰেলা খনিকৰে সপোনত কলঙৰে এটুকুৰা কাঠ উটি অহা দেখি পুৱালৈ সঁচাকৈয়ে কাঠ টুকুৰা কলঙৰ ঘাটত থকাৰ উমান পাই সেই স্থানৰ পৰা উদ্ধাৰ কৰি তৈয়াৰ কৰে মহিষাসুৰৰ মূৰ্তি।

ইয়াৰ পিছৰে পৰা অৰ্থাৎ ১৯০১ চনৰ পৰা পুৰণিগুদামত আৰম্ভ হয় ঐতিহাসিক কাঠৰ দুৰ্গা প্ৰতিমাৰে দুৰ্গোৎসৱ উদযাপনৰ পৰম্পৰা।

ইফালে মূৰ্তিৰ লগতে ব্যাপক প্ৰস্তুতি চলিছে মণ্ডপ নিৰ্মাণৰো। স্থানীয় প্ৰায় দহ-বাৰ জনকৈ কলা-কুশলী, ৰাজ মিস্ত্ৰীয়ে পূৰ্ণোদ্যমে অব্যাহত ৰখা মণ্ডপ নিৰ্মাণৰ কাম ষষ্ঠীৰ পূৰ্বেই সম্পূৰ্ণ কৰিব বুলি আশাবাদী তেওঁলোক।

Related News