NORTHEAST NOW (Assamese)

পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া? সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি

May 29, 2023 11:35 am · এন ই নাও নিউজ, গুৱাহাটী
পুটিনৰ সৈতে বেলাৰুচৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। ফটো: সংগ্ৰহীত।

ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ এক ৰুদ্ধদ্বাৰ বৈঠকত বহিছিল। ইয়াৰ পিছতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, তেওঁৰ শাৰীৰিক অৱস্থা অতি শোচনীয়। ইতিমধ্যে তেওঁৰ শৰীৰৰ তেজ সলনি কৰা হৈছে।

লুকাচেংকোৰ বৰ্তমান অৱস্থা ইমানেই সংকটজনক যে বিমান যাত্ৰাৰ বাবে সক্ষম নোহোৱাৰ বাবে তেওঁক চিকিৎসাৰ বাবে নিজৰ দেশলৈও উভতাই নিবও নোৱাৰি। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ৰাছিয়াৰ চোৰাংচোৱা সেৱাৰ সদস্যসকলে হয়তো বেলাৰুছৰ ৰাষ্ট্ৰপতিক বিষ প্ৰয়োগ কৰিছিল।

লগতে পঢ়ক: পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

বেলাৰুছৰ প্ৰশাসনে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সঠিকভাৱে কি হ’ল সেই বিষয়ে মুখ মেলিবলৈ অনিচ্ছুক। অৱশ্যে লুকাচেংকোৰ অৱস্থাৰ খবৰ প্ৰকাশ কৰিছে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ভেলেৰী চেপকালোৱে। তেওঁ লুকাচেংকোৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

সূত্ৰ অনুসৰি চেপকালোৱে কয় যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকী এতিয়া মস্কোৰ চেন্ট্ৰেল ক্লিনিকেল হস্পিতালত চিকিৎসাধীন হৈ আছে। মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।

লগতে পঢ়ক: মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ; নতুন হিংসাত ৫ জন লোকৰ মৃত্যু, ১২ জন আহত

বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক অৱস্থা অতি চিন্তনীয় বুলিও চেপকালোৱে জনায়। তেওঁক কঠোৰ নিৰীক্ষণত ৰখা হৈছে। লুকাচেংকোৰ চিকিৎসাৰ বাবে একাধিক স্থানৰ পৰা বিশেষজ্ঞ চিকিৎসকক বিমানেৰে মস্কোলৈ লৈ যোৱা হৈছে। কাৰণ তেওঁক মস্কোৰ পৰা আঁতৰাই আন ঠাইলৈ নিয়াৰ কোনো উপায় নাই।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থতাৰ আঁৰত ৰাছিয়া বুলি দাবী কৰিছে চেপকালোৱে। তেওঁ কয়, “লুকাচেংকোক বচাবলৈ ইমান প্ৰচেষ্টা আচলতে এক নাটক। ক্ৰেমলিনে তেওঁৰ ওপৰত বিষ প্ৰয়োগ কৰিছিল। সেয়ে, চিকিৎসাৰ ক্ষেত্ৰত ইমানেই তৎপৰতা দেখুৱাইছে যাতে নিজৰ গাত দোষ নপৰে।”

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

উল্লেখ্য যে, ভূ ৰখা মহলৰ দাবী যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাছিয়াৰ চোৰাংচোৱা বিভাগে বিষাক্ত দ্ৰব্য খুৱাইছিল। কিছুদিন পূৰ্বে লুকাচেংকোৱে কৈছিল যে ৰাছিয়াই তেওঁৰ দেশত পাৰমাণৱিক অস্ত্ৰ মোতায়েন কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়তো লুকাচেংকোৱে পুটিনক বাৰে বাৰে সমৰ্থন কৰি আহিছে।

Related News