• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 11:00 am
পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি  পদত এৰদোগান। ফটো: সংগ্ৰহীত।

পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি পদত এৰদোগান। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্কত পুনৰ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েব এৰদোগানে। অহা ৫ বছৰলৈ তেওঁৱেই তুৰস্কৰ ৰাষ্ট্ৰপতি হ’ব। নিৰ্বাচনত এৰদোগানে ৫২.১ শতাংশ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বীক নিৰ্বাচনত হৰুৱাইছে। এৰদোগানৰ বিজয়ৰ পাছত নিশ্চিতভাৱে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এৰদোগানৰ বিজয়ৰ পিছত ভাৰতৰ সৈতে তুৰস্কৰ সম্পৰ্ক কেনেকুৱা হ’ব?

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত বহুবাৰ দেখা গৈছে যে তুৰস্কই পাকিস্তানৰ পক্ষ লৈ কাশ্মীৰ সমস্যা সমাধানৰ ওপৰত জোৰ দিছে। যোৱা কেইবছৰমানৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কাশ্মীৰ বিষয়ক লৈ তুৰ্কীয়ে মাত মাতি আহিছে। এতিয়া প্ৰশ্ন হ’ল আগন্তুক ৫ বছৰত ভাৰত আৰু তুৰস্কৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছেনে?

লগতে পঢ়ক: মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ; নতুন হিংসাত ৫ জন লোকৰ মৃত্যু, ১২ জন আহত

Apply Now

চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত ভয়ংকৰ ভূমিকম্পৰ ফলত দেশখনৰ অৰ্থনীতি ভাঙি পৰে। প্ৰকৃতিৰ ধ্বংসলীলাত সমগ্ৰ তুৰ্কী প্ৰায় বিধ্বস্ত হৈ পৰে। এনে পৰিস্থিতিত ভাৰতে ইয়াৰ পৰা ১৫১ জন জোৱান আৰু তিনিটা ডগ স্কোয়াড সহ এন ডি আৰ এফৰ দল পঠিয়াইছিল। বৃহৎ পৰিমাণৰ উদ্ধাৰ আৰু সাহায্য সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল। ভাৰতৰ পৰা তুৰস্কলৈ ঔষধৰ বৃহৎ চালান প্ৰেৰণ কৰা হয়। ভাৰতে এই অভিযানৰ নাম ৰাখিছিল ‘অপাৰেচন দোস্ত’।

তুৰস্কত যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল তেতিয়া ভাৰতে সকলো অভিযোগ একাষৰীয়া কৰি মানৱতাক প্ৰথম স্থান দি সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতৰ এই পদক্ষেপক তুৰস্কৰ জনসাধাৰণে অতিশয় শলাগ লৈছিল আৰু এন ডি আৰ এফৰ দলটোক প্ৰশংসাৰে উপচাই তুৰস্কৰ পৰা পঠিয়াই দিয়া হৈছিল।

লগতে পঢ়ক: আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল

ইপিনে, শেহতীয়াকৈ ভাৰতৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ বৈঠকত ৪খন দেশে অংশগ্ৰহণ কৰা নাছিল। এই চাৰিখন দেশৰ ভিতৰত তুৰস্কও আছিল। আচলতে তুৰস্ক ইছলামিক কৰ্প’ৰেশ্যন বা অ’আইচিৰ অংশ। পাকিস্তানো এই সংগঠনৰ সদস্য আৰু সময়ে সময়ে অ’আইচিৰ আগত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ইয়াৰ বাবেই অ’আইচিৰ বহু সদস্যই কাশ্মীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰে। পাকিস্তানৰ প্ৰতি তুৰ্কীৰ প্ৰীতি ইয়াৰ মনোভাৱত দেখা যায়। ইয়াৰ বাবেই তুৰ্কীয়ে জি-২০ৰ বৈঠকৰ পৰা বিৰত থাকে। অৱশ্যে এই সন্দৰ্ভত এই দেশে কোনো স্পষ্ট প্ৰতিক্ৰিয়া দিয়া নাই।

আনহাতে, ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোডী চৰকাৰে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবেই এই ৰাজ্যৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰা হ’ল। তেতিয়াৰ পৰাই তুৰ্কীয়ে বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ২০১৯ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এৰদোগানে এই বিষয়টো উত্থাপন কৰিছিল।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

২০১৯ চনত তেওঁ ইয়াক অৱৰোধ বুলি অভিহিত কৰি ২০২০ চনত কয় যে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে। ২০২১ চনত তেওঁ স্থায়ী শান্তিৰ বাবে আবেদন জনাইছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠক আৰু ভাৰতৰ প্ৰচেষ্টাত এৰদোগানৰ সুৰ সলনি হয় আৰু এই বিষয়টোক দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিষয় বুলি অভিহিত কৰে।

এতিয়া আগন্তুক ৫ বছৰত ভাৰতৰ সৈতে এৰদোগানৰ সম্পৰ্ক কেনেকুৱা হয় সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd