NORTHEAST NOW (Assamese)

গুৱাহাটীত লকডাউনৰ পূৰ্বৰ দৃশ্য; ক’ত এক মিটাৰ ব্যৱধান আৰু ক’ত হেতা-ওপৰা

March 24, 2020 6:50 pm · দীপজ্যোতি শৰ্মা
লকডাউনৰ পূৰ্বে জনসমাগম

ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপে বিশ্ব জুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে ভাৰত বৰ্ষতো বৰ্তমানলৈ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৫ শতাধিক লোক আক্ৰান্ত হৈছে৷

শেহতীয়াকৈ এই মহামাৰীকলৈ ৰাজ্যবাসী শংকিত হৈ পৰা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে ২২ মাৰ্চত সমগ্ৰ দেশত জনতা কাৰ্ফিউ ঘোষণা কৰাৰ পিচত ২৩ মাৰ্চত প্ৰতিখন ৰাজ্যক লকডাউন কৰিবলৈ আহ্বান জনাইছিল৷

কেন্দ্ৰীয় চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সংবাদল যোগে আজি আবেলি ৬ বজাৰ পৰা ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰে।

লকডাউনৰ প্ৰাকক্ষণত মহানগৰীৰ জালুকবাৰীত আজি প্ৰায় সহস্ৰাধিক লোক সমবেত হোৱা পৰিলক্ষিত হয়৷

জানিব পৰা মতে, নামনি অসমৰ বিভিন্ন জিলাৰ লোক সকলে আজি সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে স্বগৃহলৈ যাবলৈ জালুকবাৰীত ভিৰ কৰে৷

কিন্তু পৰিতাপৰ বিষয়ে জালুকবাৰীত যাত্ৰী সকলে ভিৰ কৰাৰ সমান্তৰালভাবে পৰ্যাপ্ত বাহন নথকাত দীৰ্ঘ সময় ধৰি যাত্ৰীসকল ৰৈ থাকিব লগীয়া হয়৷

ইপিনে, বাহন সমূহত অত্যাধিক যাত্ৰীয়ে ভিৰ কৰি নিজ নিজ গন্তব্যস্থানলৈ যোৱা পৰিলক্ষিত হয়৷

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে চৰকাৰ তথা প্ৰশাসনে প্ৰতিজন ব্যক্তিয়ে অন্য ব্যক্তিৰ পৰা এক মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে বুলি উল্লেখ কৰিছিল যদিও আজিৰ জালুকবাৰীৰ পৰিস্থিতিয়ে জনসাধৰন যে ক’ৰ’না ভাইৰাছক লৈ সচেতন নহয় সেয়া পুনৰ প্ৰতিপন্ন কৰি দেখুৱালে।

প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতা আৰ্ফিউৰ দিনাখনো বহু ঠাইত জনসাধাৰণে সমদল কৰি ঢোল-তাল বজাই ৰাজপথলৈ ওলাই অহা দেখা গৈছিল।

আনহাতে, যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বাহন সমূহে অত্যাধিক ভাড়া সংগ্ৰহ কৰা বুলি একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰে৷

প্ৰায় সকল যাত্ৰীয়ে মাস্ক পৰিধান নকৰাকৈ যাত্ৰা কৰা দেখা গ’ল।

Related News