NORTHEAST NOW (Assamese)

২০০ এমএল হেণ্ড চেনিটাইজাৰ বটলৰ মূল্য ১০০ টকাতকৈ অধিক হ’ব নোৱাৰিব : চৰকাৰ

March 21, 2020 9:19 am · এন ই নাও নিউজ
হেণ্ড চেনিটাইজাৰ

উপভোক্তা মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাশ পাছোৱানে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ২০০ মিলিলিটাৰ হেণ্ড চেনিটাইজাৰ বটলৰ মূল্য ১০০ টকা নিৰ্ধাৰণ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে।

আনহাতে, ২ প্লাই চাৰ্জিকেল মাস্কৰ মূল্য ৮ টকা আৰু ৩ প্লাই চাৰ্জিকেল মাস্কৰ মূল্য ১০ টকা নিৰ্ধাৰণ কৰিছে।

এই মূল্য ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে।

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ পৰিৱৰ্তে কোনো অসাধূ ব্যৱসায়ীয়ে অধিক মূল্যত চেনিটাইজাৰ আৰু মাস্ক বিক্ৰী কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। আজি ৰাতিপুৱালৈ এই সংখ্যাই ২৩৬ অতিক্ৰম কৰিছে।

সময় থাকোতে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে ভবিষ্যতে ভাৰতে অধিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থায়ো ভাৰত, বাংলাদেশ, পাকিস্তান আদিৰ দৰে দেশক পূৰ্বতে সজাগ হৈ থাকিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

Related News