NORTHEAST NOW (Assamese)
Popular Stories

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2023 10:00 am

পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই)ৰ তীব্ৰ বৃদ্ধিৰ বাবে বৃদ্ধি পাব ৩৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য। অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া মূল্যবৃদ্ধিৰ ফলত গ্ৰাহকে বিষনাশক ঔষধ, সংক্ৰমণ প্ৰতিৰোধী ঔষধ, হৃদযন্ত্ৰৰ ঔষধ, এন্টিবায়টিককে ধৰি নিয়মীয়া আৰু প্ৰয়োজনীয় ঔষধৰ বাবে অধিক ধন দিব লাগিব।

লগতে পঢ়কঃ বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাত তালিকাভুক্ত ঔষধৰ মূল্য বাৰ্ষিক বৃদ্ধি নিৰ্ধাৰণ কৰা হয় ডব্লিউ পি আইৰ ওপৰত ভিত্তি কৰি। ২৫ মাৰ্চত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই কয় যে ২০২২ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাবে ডব্লিউ পি আইৰ বাৰ্ষিক পৰিৱৰ্তন হ’ল ১২.১২%। যোৱা বছৰ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই পাইকাৰী মূল্য সূচকাংকত ১০.% পৰিৱৰ্তন হোৱাৰ কথা সদৰী কৰিছিল। প্ৰতি বছৰে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই অনুসৰি পাইকাৰী মূল্য ডব্লিউপিআইৰ পৰিৱৰ্তন ঘোষণা কৰে।

লগতে পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

ঔষধৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে বজাৰত যাতে ঔষধৰ অভাৱ নহয়, আৰু নিৰ্মাতা আৰু গ্ৰাহক পাৰস্পৰিকভাৱে লাভৱান হয় তাৰ বাবে এই মূল্য বৃদ্ধি কৰা হৈছে।

লগতে পঢ়কঃ ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

‘‘উৎপাদকসকলে লোকচানত ঔষধ বিক্ৰী নকৰে আৰু আমিও দেশত অত্যাৱশ্যকীয় ঔষধৰ অবিৰত যোগান নিশ্চিত কৰিব লাগিব। ইয়াৰ উপৰিও নিয়ন্ত্ৰিতভাৱে দাম বৃদ্ধি কৰিবলৈ দিয়া হৈছে।’’ বিষয়াগৰাকীয়ে কয়।

লগতে পঢ়কঃ ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

যি কি নহওক, জীৱনদায়িনী ঔষধৰ এই মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে হাহাকাৰ সৃষ্টি কৰিব দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তীয় লোকসকলৰ মাজত।

লগতে পঢ়কঃ লালকিল্লাৰ সমীপত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ: আটক কেইবাগৰাকীও নেতা