NORTHEAST NOW (Assamese)

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

August 17, 2019 7:45 am · এন ই নাও নিউজ
ভূটানৰ ৰজাৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ উৰা মাৰিব।

২০১৪ চনত প্ৰথম বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে মোদীয়ে প্ৰথম বিদেশী ৰাষ্ট্ৰ হিচাপে ভূটান ভ্ৰমণ কৰিছিল।

হিমালয়ত অৱস্থিত দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভূটান ভ্ৰমণলৈ যাবলৈ ওলাইছে বুলি উল্লেখ কৰে।

‘‘চলিত কাৰ্য্যকালৰ আৰম্ভণিতে মোৰ ভূটান ভ্ৰমণে আমাৰ দেশৰ ভূটানৰ প্ৰতি থকা গুৰুত্বক প্ৰতিফলিত কৰিছে, দেশৰ চৰকাৰ সদায় বিশ্বাসী বন্ধু তথা প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে সু-সম্পৰ্কৰ প্ৰতি আগ্ৰহী’’- মোদীয়ে এটা বক্তব্যত কয়।

ভাৰত আৰু ভূটানে সহযোগিতামূলক বিকাশ, হাইড্ৰ-পাৱাৰ সহযোগিতাৰ লগতে শক্তিশালী বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুন্দৰ দ্বিপাক্ষিক সম্বন্ধ উপভোগৰ নিদৰ্শন দাঙি ধৰিছে বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰে।

ভাৰত চৰকাৰৰ প্ৰতিবেশী প্ৰথম নীতিৰ ক্ষেত্ৰত ভাৰত-ভূটান সম্বন্ধই এক বিশেষ স্থান অধিকাৰ কৰি মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈছে বুলি মোদীয়ে কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোয়েল য়ুনিভাৰ্চিটি অব ভূটানৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব।

 

Related News