NORTHEAST NOW (Assamese)

আফগানিস্তানক সন্ত্ৰাসৰ অভিকেন্দ্ৰত পৰিণত নকৰিব: ৰাষ্ট্ৰসংঘৰ বৈঠকত মোদী

September 25, 2021 9:41 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক বৈঠকত ভাষণ দিয়ে।

মোদীয়ে তেওঁৰ ভাষণত তালিবানে দখল কৰা আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰি কয় যে আফগানিস্তানক সন্ত্ৰাসৰ অভিকেন্দ্ৰ কৰি তোলাটো কোনো পধ্যেই মানি ল’ব নোৱাৰি।

মোদীয়ে কয়’ আজিৰ তাৰিখত বিশ্ব এতিয়া সন্ত্ৰাসবাদৰ ভাবুকিত কঁপি উঠিছে।এনে পৰিস্থিতিত বিশ্বক সুস্থিৰ কৰি ৰাখিবলৈ বিজ্ঞানসন্মত দৃষ্টিভংগী তথা সঠিক যুক্তিৰ প্ৰয়োজন’।

পাকিস্তানক সমালোচনা কৰি মোদীয়ে কয় যে দেশ খনে সন্ত্ৰাসবাদক ৰাজনৈতিক আহিলা হিচাবে ব্যৱহাৰ কৰিছে।

সন্ত্ৰাসবাদ যে এদিন নিজৰ বাবেই বিপজ্জনক হৈ উঠিব সেই কথা পাকিস্তানে উপলব্ধি কৰা নাই বুলিও মোদীয়ে মন্তব্য কৰে।

সন্ত্ৰাসবাদৰ উপৰি মোদীয়ে সমুদ্ৰৰ সুৰক্ষা,ক’ৰ’নাই বিধ্বস্ত কৰা বিশ্ব অৰ্থনীতিৰ পুনৰোদ্ধাৰ আদি বিষয়তো বক্তব্য আগবঢ়ায়।

ভাৰতত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

উল্লেখ্য কালি ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ সচিব স্নেহা ডুবেই কাশ্মীৰ তথা লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰিছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰাষ্ট্ৰসংঘত কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰতে ভাৰতৰ সচিবগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল।

Related News