NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশত সন্ধিয়া ৭ বজাৰ পিছত সুৰক্ষিত নহয় ছোৱালী! যোগীৰ ৰাজ্যকলৈ বিস্ফোৰক প্ৰিয়ংকা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 12, 2022 10:08 am

প্ৰিয়ংকা চোপ্ৰাই কয়, “উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যত ছোৱালীবোৰে সন্ধিয়া ৭ বজাৰ পিছত ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে।” দেশলৈ উভতি অহাৰ পিছত দুদিনীয়া লক্ষ্ণৌ ভ্ৰমণলৈ গৈছিল অভিনেত্ৰীগৰাকী। তেওঁ সেই সময়ৰ এটা ভিডিঅ’ আপলোড কৰিছে। তাত প্ৰিয়ংকাই মহিলাৰ সুৰক্ষাৰ বিষয়ে কওঁতে এইদৰে মন্তব্য কৰিছে।

উত্তৰ প্ৰদেশলৈ গৈ প্ৰিয়ংকাই যোগী আদিত্যনাথৰ প্ৰশংসা কৰিছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শাসনত ৰাজ্যখনৰ মহিলাসকলৰ অৱস্থা উন্নত হৈছে। বলীউডৰ ‘দেশী গাৰ্ল’য়ে মন্তব্য কৰিছিল যে এই পৰিৱৰ্তনটো প্ৰয়োজনীয়। প্ৰিয়ংকাই উত্তৰ প্ৰদেশৰ মহিলা পাৱাৰ লাইনৰ কাৰ্যালয়ো পৰিদৰ্শন কৰিছিল।

ভিডিঅ’টো বৃহস্পতিবাৰে আপলোড কৰা হৈছিল। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে মহিলাৰ সুৰক্ষা সম্পৰ্কে উত্তৰ প্ৰদেশ আৰক্ষীৰ মহিলা আৰু সুৰক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) নীৰা ৰাৱটৰ সৈতে কথা পাতি থকা দেখা গৈছে।

প্ৰিয়ংকাই নীৰা ৰাৱটক কৈছিল, “মোক এটা কথাৰ বিষয়ে অলপ কওঁক, উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্য… মানে, মইও লক্ষ্ণৌত ডাঙৰ-দীঘল হৈছিলো… এটা ভয় আছে… অৰ্থাৎ সন্ধিয়া সাত বজাৰ পিছত ছোৱালীবোৰে ঘৰৰ বাহিৰলৈ যাবলৈ ভয় কৰে।‘’ এই কথা শুনি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰিয়ংকাক এই সন্দৰ্ভত তথ্য সমূহ চাবলৈ প্ৰস্তাৱ দিয়ে। তাৰ পিছত তেওঁলোকে মহিলা আৰু শিশুৰ সুৰক্ষাৰ বাবে কেনেদৰে কাম কৰি আছে সেয়া ঘুৰাই দেখুৱায়।  

View this post on Instagram

A post shared by Priyanka (@priyankachopra)

লক্ষণীয় যে প্ৰিয়ংকাই ইউনিচেফৰ গুডউইল এম্বেচেডৰ হিচাপে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছিল।  সেই ভ্ৰমণৰ অংশ হিচাপে তেওঁ উত্তৰ প্ৰদেশৰ মহিলা পাৱাৰ লাইনৰ কাৰ্যালয় পৰিদৰ্শন কৰে। ভিডিঅ’টো সামাজিক মাধ্যমত আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ শিৰোনামটোত অভিনেত্ৰীগৰাকীয়ে কয় যে মহিলা আৰু শিশুসকলৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। তাৰ ওপৰত এতিয়াও বহুতো কাম কৰিব লাগিব।