NORTHEAST NOW (Assamese)
পৰিবেশ

পানীৰ নাটনি: যোৱা ৩০ বছৰত শুকাই গৈছে বিশ্বৰ তিনি চতুৰ্থাংশ ভূমি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 10, 2024 8:14 pm

ভয়াৱহ পানীৰ সমস্যাত আক্ৰান্ত সমগ্ৰ বিশ্ব।ৰাষ্ট্ৰসংঘত দাখিল কৰা এটা প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ানক তথ্য।

যোৱা ৩০ বছৰত বিশ্বৰ শুকান হৈ পৰিছে বিশ্বৰ তিনি চতুর্থাংশ ভূমি।

ৰাষ্ট্ৰসংঘত দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত ৩০ বছৰত বিশ্বত ৪৩ লাখ বৰ্গ কিলোমিটাৰলৈকে শুকান মাটিৰ পৰিমাণ বৃদ্ধি পাইছে।

উল্লেখ্য যে বিশ্বৰ মুঠ মাটিকালিৰ ৪০ শতাংশ বর্তমান শুকান হৈ পৰিছে বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

বিশেষজ্ঞ সকলে সতৰ্ক কৰি দিছে যে পৰিৱেশন সংৰক্ষণৰ বাবে কাম নকৰিলে অহা ৫০ বছৰৰ ভিতৰত বিশ্বত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ’ব। বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আদ্ৰভূমি নোহোৱা হৈ পৰিব।