NORTHEAST NOW (Assamese)

আই আই আই টি-গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সামৰিলে অধ্যাপক গৌতম বৰুৱাই

April 18, 2024 12:39 pm · এন ই নাও নিউজ, গুৱাহাটী
অধ্যাপক গৌতম বৰুৱা।

অসমৰ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি) গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিলে অধ্যাপক গৌতম বৰুৱাই।

আই আই আই টি-গুৱাহাটীৰ সৈতে অধ্যাপক বৰুৱাৰ সংযোগ ২০১৫ চনত ইয়াৰ স্থাপন হোৱাৰ পৰাই আৰম্ভ হৈছিল। সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ প্ৰথম অৱস্থাত মেণ্টৰ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আই আই আই টি-গুৱাহাটীত কাৰ্যকালৰ পূৰ্বে অধ্যাপক বৰুৱাই ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীত বিশিষ্ট পদবীত অধিষ্ঠিত হৈছিল। তেওঁ ১৯৯৫ চনত প্ৰতিষ্ঠানটো প্ৰতিষ্ঠাৰ সময়তে যোগদান কৰিছিল।

লগতে পঢ়কঃ কোহলীয়েই মোৰ জীৱনৰ বিৰাট প্ৰেৰণা; জনালে অসামৰিক সেৱাৰ শীৰ্ষস্থানপ্ৰাপ্ত অনন্যাই

উল্লেখ্য যে তেওঁ আই আই টি গুৱাহাটীৰ সঞ্চালক হিচাপে ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে এদশক কাৰ্যনিৰ্বাহ কৰিছিল।

সমগ্ৰ কৰ্মজীৱনত অধ্যাপক বৰুৱাই উত্তৰ-পূব অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান বিশেষকৈ কেন্দ্ৰীয় শিক্ষানুষ্ঠানৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে।

এন আই টি শিলচৰ, নেৰিষ্ট ইটানগৰ, চি আই টি কোকৰাঝাৰ আদি সন্মানীয় প্ৰতিষ্ঠানৰ ব’ৰ্ডৰ তেওঁ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আহিছে।

লগতে পঢ়কঃ আৰু লাগে! বিলাসী গাড়ী, ডুবাই-লণ্ডনত ঘৰ, ১৪০০ কোটি টকাৰ সম্পত্তিৰ মালিক এইগৰাকী বিজেপি প্ৰাৰ্থী

ইয়াৰ উপৰিও মণিপুৰ বিশ্ববিদ্যালয়, ছিকিম বিশ্ববিদ্যালয়, কটন ৰাজ্যিক বিশ্ববিদ্যালয়, এন আই টি আগৰতলাৰ দৰে প্ৰতিষ্ঠানৰ পৰিচালনাত তেওঁ যথেষ্ট অৰিহণা যোগাইছিল।

উল্লেখযোগ্য যে এন আই টি শিলচৰত অতিৰিক্ত দায়িত্ব লৈ সঞ্চালক হিচাপে তেওঁৰ কাৰ্যকাল আছিল আঢ়ৈ বছৰ। 

Related News