NORTHEAST NOW (Assamese)
অসম

‘কা’ৰ বিৰোধিতাৰে টীয়কৰ মিধাখাটত চুতীয়া ছাত্ৰ সন্থা আৰু আছুৰ গণজাগৰণ সভা

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক February 3, 2020 6:29 pm
Logo

যোৰহাট জিলাৰ টীয়কৰ মিধাখাটৰ বৰ নামঘৰৰ সন্মুখত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টীয়ক কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ সহযোগত তথা মিধাখাট, জগদুৱাৰ সোনাৰী, জগদুৱাৰ ন-পমুৱা গাঁৱৰ ৰাইজৰ উপস্থিতিত সোমবাৰে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী ‘গণ জাগৰণ’ শীৰ্ষক এখন সভা অনু্ষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, ইতিমধ্যে চুতীয়া জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাক চুতীয়া জনগোষ্ঠীয় এলেকাত চুতীয়া জনগোষ্ঠীয়ে নিষিদ্ধ ঘোষণা কৰিছে।

‘কা’ আমি নামনো, সাম্প্ৰদায়িক ৰাজনীতি নচলিব, ক’লা আইন বাতিল কৰক, বিজেপি গ’ বেক আদি ধ্বনিৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে সমবেত ৰাইজে।

তিনি শতাধিক ৰাইজ উপস্থিত থকা প্ৰতিবাদী অনুষ্ঠানটোত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থপ্ৰতিম চুতীয়াই আঁত ধৰে।

অনুষ্ঠানত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজ বাঢ়ৈ বৰা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, অসম আন্দোলনৰ নেতা  মণ্টু বৰুৱা, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ভোগনাথ হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা সৌৰভ বৰা, সচেতন মহিলা ৰশ্মি ভট্টাচাৰ্যই ‘কা’ বিৰোধী বক্তব্য প্ৰদান কৰে।

‘গণ জাগৰণ সভাত’ চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জগত নেওগ, সম্পাদক জীৱন চুতীয়া, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, সম্পাদক বিশ্বজিৎ বৰা, সচেতন ব্যক্তি ধীৰেন বৰুৱা, হিৰণ্য সাধনিদাৰকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।