NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন ফেডাৰেচনৰ আহ্বানত যোৰহাটৰ যোগীভেটা চাহ বাগিছাত প্ৰতিবাদী কাৰ্যসূচী

May 11, 2020 11:08 pm · নিৰ্মলেন্দু পাঠক

কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন ফেডাৰেচনৰ আহ্বানত আজি যোৰহাটৰ যোগীভেটা চাহ বাগিছাত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু এ আই চি চি টি ইউ ৰ উদ্যোগত চৰকাৰৰ কেবিনেট বৈঠকত শ্ৰমিকৰ কামৰ সময়  ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টালৈ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

ফেক্টৰি শ্ৰমিক, অসংগঠিত খণ্ডৰ শ্ৰমিক আইন উলংঘণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কামৰ সময় বৃদ্ধিৰ লগতে শ্ৰম আইন উলংঘাৰ বিৰোধিতাৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, চৰকাৰক সমালোচনা কৰি ফেইচবুকত পোষ্ট দিয়াৰ অপৰাধত এজন বিজেপি নেতাই বিহালিৰ জিনজিয়া থানাত যি জামিন বিহীন গোচৰ ৰুজু কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ প্ৰচেষ্টা কৰিছে ইয়াৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ কৰি গোচৰ প্ৰত্যাহাৰৰ দাবী জনায়।

আজিৰ কাৰ্যসূচীত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সম্পাদক জিতেন তাঁতী, টীয়ক চাৰ্কোলৰ সম্পাদক ৰামেশ্বৰ কল, বিপ্লবী যুৱ সন্থাৰ জিলা সভাপতি পবিত্ৰ নায়ক, সদস্য বিবেক মাহালী আদিকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Related News