NORTHEAST NOW (Assamese)

বিবাহিত পুৰুষ সকলৰ ৮০ শতাংশই নিৰ্যাতিত; পুৰুষ নিৰ্যাতন বিৰোধী আইনৰ দাবীৰে বাংলাদেশত প্রতিবাদ

November 14, 2020 11:42 am · এন ই নাও নিউজ
Updated: November 14, 2020 11:45 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইন্টাৰনেট

নাৰী নিৰ্যাতন ৰোধৰ ক্ষেত্ৰত একাধিক আইন থাকিলেও এইক্ষেত্ৰত পুৰুষ সকল বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

কোনোধৰণৰ আইনী ৰক্ষাকৱচ নথকাৰ বাবে বহুসংখ্যক পুৰুষ নিৰ্যাতনৰ সন্মুখিন হ’বলগীয়া হয়।

এইবাৰ বাংলাদেশত পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি প্ৰতিবাদ আৰম্ভ হৈছে। বাংলাদেশ পুৰুষ অধিকাৰ ফাউণ্ডেশ্যন নামৰ এটা সংস্থাৰ উদ্যোগত দেশখনত পুৰুষ নিৰ্যাতন ৰোধৰ বাবে নতুন আইনৰ দাবী উত্থাপন হৈছে।

দেশত পুৰুষ নিৰ্যাতন ৰোধ সম্পৰ্কীয় আইনৰ দাবীৰে সংস্থাটোৱে আগন্তুক ১৯ নৱেম্বৰত আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপন কৰিব।

নিৰ্যাতনৰ সন্মুখিন হোৱা পুৰুষ সকলৰ সহযোগিতাৰ বাবে গঠিত হোৱা সংস্থাটোৱে দাঙি ধৰা তথ্য অনুসৰি বাংলাদেশত প্ৰতিদিনে অতিকমেও পাঁচগৰাকী বিবাহিত পুৰুষ নিজ পত্নীৰ দ্বাৰা নিৰ্যাতিত হ’বলগীয়া হয়।

দেশৰ বিবাহিত পুৰুষ সকলৰ ৮০ শতাংশই কোনোবা মহিলাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখিন হৈ আহিছে বুলিও সংস্থাটোৱে নিজৰ তথ্যত উল্লেখ কৰে।

‘‘সামাজিক কাৰণৰ পৰিণতিত পুৰুষ সকলে এইকথা মুকলিভাৱে ক’ব নোৱাৰে যাৰবাবে পুৰুষ সকলে ক্ৰমাগতভাৱে এই নিৰ্যাতন সহ্য কৰিবলগীয়া হয়’’ বাংলাদেশ পুৰুষ অধিকাৰ ফাউণ্ডেশ্যনৰ মহাসচিৱ ফাৰুক চাজেদে এইদৰে কয়।

Related News