NORTHEAST NOW (Assamese)

বিজেপিৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

January 29, 2019 6:14 pm · পাৰ্শ্বজ্যোতি গগৈ

যোৱা ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আৰক্ষী থানাৰ ভিতৰত গৈ আক্ৰমণ কৰাৰ প্ৰদিবাদত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি আছুয়ে ১ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনৰ ১২ বজাৰ পৰা ১ বজালৈ গৌৰীসাগৰত এই অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পথ অৱৰোধৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে শতাধিক যান বাহন আৱদ্ধ হৈ পৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল’গান দি অৱৰোধস্থলী উত্তাল কৰি তোলে।

আজিৰ এই অৱৰোধ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোবিন ফুকন আৰু প্ৰদীপ বুঢ়াগোহাঁই, জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰূপ বৰা, সম্পাদক সমীৰণ ফুকনকে ধৰি কেইবা শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আছুৰ এই অৱৰোধ কাৰ্যসূচীৰ প্ৰতি গৌৰিসাগৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহাৰি জনোৱা দেখা গ’ল।

Related News