NORTHEAST NOW (Assamese)

অলৰ-অচৰ বিদ্ৰোহী কৃষক : গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰ্তসাপেক্ষ আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৃষক সংগঠনৰ

November 29, 2020 4:02 pm · এন ই নাও নিউজ
Updated: November 29, 2020 5:11 pm

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ‘দিল্লী চ’লো’ কাৰ্যসূচীৰে দেশৰ ৰাজধানী অচল কৰি দিয়া কৃষক আন্দোলনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ কিছু নৰম হ’লেও আন্দোলনকাৰী কৃষকসকল এতিয়াও নিজৰ সিদ্ধান্তত দৃঢ় হৈয়ে আছে।

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা আ্লোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আন্দোলনকাৰী কৃষকসকলে ৰাজধানী কঁপাবলৈ নাচোৰবন্দা হৈয়ে আছে।

উল্লেখ্যে যে হাৰিয়ানা-পঞ্চাৱ সীমান্তৰ পিছত হাৰিয়ানা-দিল্লী সীমান্তত প্ৰতিবাদী কৃষকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা কেন্দ্ৰীয় চৰকাৰে শনিবাৰে কিছু নৰম স্থিতি গ্ৰহণ কৰি প্ৰতিবাদকাৰী কৃষকসকললৈ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে প্ৰকাশ কৰিছিল যে, প্ৰতিবাদকাৰীৰ কৃষকসকলে ৰাজধানীৰ যন্তৰ-মন্তৰ পৰিৱৰ্তে দিল্লী আৰক্ষীয়ে ব্যৱস্থা কৰাৰ বুৰাৰিত অৱস্থান কৰিলেই ৩ ডিচেম্বৰৰ পূৰ্বে ভাৰত চৰকাৰে তেওঁলোকৰ লগত আলোচনাত বহিব।

ইফালে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰে অহা ৩ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু নিজৰ স্থিতিত দৃঢ় কৃষক সংগঠমসমূহে চৰকাৰৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে।

সৰ্বভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি জগজিৎ সিঙে কয় যে যন্তৰ-মন্তৰ পৰিৱৰ্তে কৃষকসকলে বুৰাৰিত ধৰ্ণা প্ৰদৰ্শন কৰিলে কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰাৰ যি প্ৰস্তাৱ দিছে সেয়া কৃষক সংগঠনসমূহে প্ৰত্যাখান কৰিছে।

Related News