NORTHEAST NOW (Assamese)
অসম

পেৰিচত লিঅ’নেল মেছি; প্ৰতি নিশা হোটেলত থকাৰ খৰচ ১৪ লাখ টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2021 8:28 pm
Messi in Paris

বাৰ্চিলোনাৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ পাছত পেৰিচত ক্লাৱ পিএছজিত নতুন সম্পৰ্কত বান্ধ খাইছে ফুটবলৰ সম্ৰাট লিঅ’নেল মেছি। ক্লাৱটোৱে মেছিৰ আপ্যায়নত অকনো কাৰ্পন্য কৰা নাই।

মেছি বৰ্তমান সপৰিয়ালে পেৰিচৰ বিলাসীহোটেল লে ৰয়েল মনোছাত আছে।

কাটাৰা হস্পিতালিটি প্ৰতিষ্ঠানৰ অধীনৰ পঞ্চ তাৰকাযুক্ত হোটেলখন পেৰিচৰ মাজভাগতে অৱস্থিত। ২০১৭ত পিএছজিত যোগদান কৰাৰ সময়ত নেইমাৰো ইয়াতে থাকিবলৈ লৈছিল।

বিলাসী হোটেলখনৰ সৰ্বনিম্ন ভাড়াই হৈছে ৭০০পাউণ্ড। কিন্তু পত্নী তথা সন্তানক লৈ তাত থকা মেছিৰ বাবে প্ৰতি নিশা ব্যয় হৈছে ১৭হাজাৰ পাউণ্ড যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪লাখ টকা।

হোটেলখনত মেছিৰ বাবে পৃথক বিলাসী ছুইমিং পুল, এটা চিনেমা হল আৰু ফৰাচী খাদ্যসম্ভাৰ পৰিৱেশন কৰাৰ বাবে ছয়খন ৰেষ্টুৰেন্টৰ ব্যৱস্থা কৰা হৈছে।

১৯২৮ চনত পেৰিচৰ মধ্যভাগত থকা এই হোটেলখন আৰম্ভ কৰা হৈছিল। কিন্তু ১১বছৰ পূৰ্বে ইয়াৰ কোঠাবোৰ নতুন কৰি তোলা হয়।

উইনষ্টন চাৰ্চিল, ৱাল্ট ডিজনি, ৰবাৰ্ট ডি নিৰ’ৰ দৰে চেলিব্ৰেটিসকলে এই হোটেলখনত নিশা কটাই গৈছিল।