NORTHEAST NOW (Assamese)

বৃক্ষ ধ্বংস আৰু স্থানান্তৰন : গুৱাহাটীত পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেৰ ৰাজহুৱা বক্তৃতা

July 11, 2025 6:59 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

শেহতীয়াকৈ ফ্লাই অভাৰ বা অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অসম চৰকাৰে গুৱাহাটীৰ আমবাৰী-দীঘলীপুখুৰী অঞ্চলত ভালেকেইজোপা পুৰঠ গছ কাটি পেলাইছে। আনকি কোনো বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ নকৰাকৈ গছসমূহ স্থানান্তৰন কৰা হৈছে। অৱশ্যে জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু সমাজকৰ্মী জয়ন্ত গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ পিছত এই গছকটা আৰু স্থানান্তৰন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

এই গছ কটা আৰু স্থানান্তৰৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে অহা ১৩ জুলাই, ২০২৫ দেওবাৰে গুৱাহাটীত আয়োজন কৰা হৈছে এক ৰাজহুৱা বক্তৃতানুষ্ঠান। গুৱাহাটীৰ সচেতন নাগৰিকে আয়োজন কৰা এই সভাত ভাষণ প্ৰদান    কৰিব বেংগালুৰুৰ বিশিষ্ট পৰিৱেশকৰ্মী দত্তাত্ৰেয় দেৱৰেয়ে। “আন্তঃগাঁথনিৰ বাবে গছ কটা : উন্নয়ন আৰু পৰিৱেশ বিজ্ঞানৰ ভাৰসাম্য ৰক্ষা” শীৰ্ষক বক্তৃতা প্ৰদান কৰিব পৰিৱেশবিদগৰাকীয়ে।

অহা ১৩ জুলাই তাৰিখে বিয়লি ৪:৩০ বজাত মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’ব এই বক্তৃতানুষ্ঠান। এই অনুষ্ঠানটো সকলোৰে বাবে মুকলি থাকিব। আয়োজকসকলে সকলোকে সচেতনলোকক এই বক্তৃতানুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছে।

Related News