NORTHEAST NOW (Assamese)

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

July 30, 2025 4:09 pm · এন ই নাও নিউজ, গুৱাহাটী

 অসমীয়াত এখাৰ কথা আছে উপকাৰিক অজগৰে খাই। এই আপ্ত বাক্যশাৰীত কোৱাৰ দৰে আনৰ উপকাৰ কৰিবলৈ গৈ বিপদত পৰিল মধ্য প্ৰদেশৰ এজন যুৱক। মাক-দেউতাক নোহোৱা, ঘৰ-বাৰি নাইকিয়া এজন ঠিকাভিত্তিক শ্ৰমিক ৰাজেশে এগৰাকী মহিলাক সহায় কৰিবলৈ গৈ এবছৰতকৈ অধিক সময় জেলত কটাবলগীয়া হয়।

ঘটনাক্ৰম অনুসৰি ১৬ জুন, ২০২৪ত এগৰাকী অসুস্থ চুবুৰীয়া মহিলাই ৰাজেশৰ পৰা সহায় বিচাৰিছিল। ৰাজেশে, মানৱতাৰ খাতিৰত, মহিলা গৰাকীক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি নিজৰ কামত লাগিল। সন্ধিয়া তেওঁ মহিলাগৰাকীৰ খবৰ ল’বলৈ হস্পিতাললৈ গ’ল, কিন্তু তাতেই তেওঁক মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

ৰাজেশে বাৰে বাৰে নিজৰ নিৰ্দোষীতাৰ কথা আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও কোনোৱে শুনাৰ নাছিল। এই অভিযোগত তেওঁ ৩৯৫ দিন জেলত কটোৱাৰ পিছত আদালতে নিৰ্দোষী বুলি ঘোষণা কৰিলে। তেওঁৰ প্ৰতিনিধিত্ব কৰা আদালত নিযুক্ত অধিবক্তা ৰীনা বৰ্মাই প্ৰমাণ কৰিলে যে মহিলাগৰাকীৰ মৃত্যু দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে হৈছিল, হত্যাৰ বাবে নহয়। তদুপৰি, আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰা নাছিল আৰু চিকিৎসা প্ৰতিবেদনতো ত্ৰুটি আছিল।

কিন্তু জেলৰ পৰা মুক্তি পোৱাৰ পিছতো ৰাজেশৰ দুখৰ অন্ত নহ’ল। সমাজে তেওঁক ‘হত্যাকাৰী’ বুলি চিহ্নিত কৰিলে, আৰু কোনেও তেওঁক কাম দিবলৈ ইচ্ছুক নহ’ল। তেওঁৰ ভনীয়েকও অসহায় হৈ পৰিছিল। আৰক্ষীয়ে তেঁওলোকৰ  পৰা আধাৰ আৰু মোবাইল ফোন ঘূৰাই দিয়াৰ বাবেও ৫০০ টকা বিচাৰিছিল, যিটো তাই দিব পৰা নাছিল।এনেধৰণৰ ঘটনাই বৰ্তমান সমাজব্যৱসস্থা আৰু ন্যায় ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙাই দেখুৱাইছে। ভাৰতীয় সমাজত দুখীয়া মানুহৰ জীৱন মূল্যহীন, সদায় এই শ্ৰেণীটো শোষিত, বঞ্চিত আৰু লাঞ্চিত হৈ আহিছে। এই ঘটনাই ভাৰতৰ সমাজ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

Related News