NORTHEAST NOW (Assamese)

অটুট বন্ধন! বন্ধুত্বৰ চিন স্বৰূপে কিমৰ বাবে গাড়ী উপহাৰ পঠিয়ালে পুটিনে

February 20, 2024 12:09 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে এখন গাড়ী উপহাৰ দিছে। যোৱা দেওবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ই জনোৱা মতে, ৰাছিয়াত নিৰ্মিত গাড়ীখন ১৮ ফেব্ৰুৱাৰীত কিমৰ শীৰ্ষ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। কেচিএনএ বাতৰি প্ৰকাশ কৰিছে যে কিমৰ ভগ্নীয়ে পুটিনক ইয়াৰ বাবে ধন্যবাদ জনাইছে। তেওঁ কয়, এই গাড়ীখন কিম আৰু পুটিনৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ চিন।

লগতে পঢ়কঃ নতুন উচ্চতাত টাটা, ইচ্ছা কৰিলে গোটেই পাকিস্তানখনকে কিনি ল’ব পাৰে! কিয় এই তুলনা?

অৱশ্যে প্ৰতিবেদনত গাড়ীখন কেনেকুৱা বা ৰাছিয়াৰ পৰা গাড়ীখন কেনেদৰে অনা হৈছে সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই। জনা যায় যে গাড়ীৰ প্ৰতি কিমৰ বহুত কৌতুহল আছে।

উল্লেখ্য যে কিমৰ হাতত বিলাসী বিদেশী গাড়ীৰ সংগ্ৰহ আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰপ্তানি নিষেধাজ্ঞা উলংঘা কৰি কিমে বিলাসী বিদেশী গাড়ী কেনেদৰে ব্যৱহাৰ কৰে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। কিমৰ সংগ্ৰহত থকা বেছিভাগ গাড়ীয়েই বিদেশৰ পৰা সৰবৰাহ কৰা বুলি অনুমান কৰা হৈছে। 

Related News