NORTHEAST NOW (Assamese)

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

July 29, 2025 9:24 pm · এন ই নাও নিউজ, গুৱাহাটী

নাম আছিল ‘স্নো ভিউ। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰামগড়ৰ পাহাৰৰ সেই সৰু বাংলোটোৰ নাম ৰাখিলে ‘হৈমন্তী। উত্তৰাখণ্ডৰ নৈনিতালৰ এই ঘৰতে ‘গীতঞ্জলিৰ এটা অংশ ৰচনা কৰা হৈছিল, যিটো কবিৰ একাকী জীৱনৰ সাক্ষী হৈছিল। বাংলোটোও বহু স্মৃতিৰ সাক্ষী। কিন্তু আজি এই ঐতিহাসিক বাংলো ৰক্ষণাবেক্ষণৰ অভাৱত ধ্বংসস্তূপ হৈ পৰিছে। এনে পৰিস্থিতিত তৃণমূলৰ সাংসদ প্ৰতিমা মণ্ডলে এই বাংলটো ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

জনা যায় যে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৩ চনৰ আশে-পাশে ৰামগড়ত সেই বাংলোটো কিনিছিল।তেওঁ তাৰ নাম ৰাখিছিল ‘হৈমন্তী। প্ৰসংগক্ৰমে প্ৰাকৃতিক সৌন্দৰ্য্যৰ খনি ৰামগড়ৰ হৈমন্তী নামৰ এই বাংলোটোৰ কথাও ৰথীন্দ্ৰনাথৰ ‘পিতৃস্মৃতি নামৰ গ্ৰন্থখনত উল্লেখ আছে। তাতেই আছে, অতুল প্ৰসাদে এদিন দেউতাকক কৰা অনুৰোধৰ কথা মনত পেলাই – ‘আপনি কাল যে সুরটি গুনগুন করছিলেন আপনার ঘরে, আমার বড়ো ভালো লাগছিল শুনতে, গান বাঁধা নিশ্চয়ই হয়ে গেছে, ওই গানটি আমাদের শুনিয়ে দিন।’ ৰবীন্দ্ৰনাথে গাইছিল ‘এই লভিনু সঙ্গ তব, সুন্দর হে সুন্দর…’

এনে বহু স্মৃতিৰ সৈতে জড়িত এই বাংলোটো। আজি জিৰ আৱাৰৰ সময়ত সেই ঘটনাৰ কথা উল্লেখ কৰি জয়নগৰৰ সাংসদগৰাকীয়ে লিখিছে, “ৰবীন্দ্ৰনাথ ঠাকুৰে ইয়াতেই নিজৰ কন্যাক হেৰুৱালে। যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ পিছতো তেওঁ পৰৱৰ্তী সময়ত ১৯১৪, ১৯২৭, ১৯৩৭ চনত ইয়াতে বাস কৰিবলৈ উভতি আহে।কবিৰ পুত্ৰ ৰথিন্দ্ৰনাথ, ভতিজা দিনেন্দ্ৰনাথ, অতুলপ্ৰসাদ সেন ইয়ালৈ ৰবীন্দ্ৰনাথৰ লগত থাকিবলৈ আহিছিল। তাৰ পাছত তেওঁ লিখিছিল, “হৈমন্তী আজি পৰিত্যক্ত। কেন্দ্ৰ আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ মোৰ আন্তৰিক অনুৰোধ যে ঘৰটোক ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু ইয়াৰ তাৎক্ষণিক মেৰামতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক।”

Related News