NORTHEAST NOW (Assamese)

পিতৃৰ পদাংক অনুকৰণেৰে পুনৰ দ্বি শতকীয় ইনিংছ জুনিয়ৰ দ্ৰাবিড়ৰ

February 19, 2020 10:19 am · এন ই নাও নিউজ
ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়

বিশ্ব ক্ৰিকেটত দ্যা ৱাল হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়ে নিজৰ পিতৃৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটৰ পথাৰত আগবাঢ়িছে।

সমিতে দুমাহৰ ভিতৰতে দ্বিতীয়টো দ্বি শতকীয়া ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অলপতে জুনিয়ৰ দ্ৰাবিড়ে বাংলালুৰুত নিজৰ স্কুল মাল্য অদিতি ইণ্টাৰনেশ্যনেলক প্ৰতিনিধিত্ব কৰি অনূৰ্দ্ধ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিযোগিতাত দ্বি শতৰাণ অৰ্জন কৰে।

বিটিআৰ শ্বীল্ড অনূৰ্দ্ধ ১৪-ৰ গ্ৰুপ-১ৰ দ্বীতীয় ডিভিজন টুৰ্ণামেণ্টত সমিত দ্ৰাবিড়ে মাত্ৰ মাত্ৰ ১৪৪ টা বলত ২১১ ৰানৰ অপৰাজিত এক ইনিংছ খেলে।

এই বিস্ফোৰক ইনিংছত ২৪ টা চাৰিৰ উপৰিও এটা ছিক্সাৰ আছিল।

সমিত দ্ৰাবিড়ৰ দ্বি শতকীয় ইনিংছৰ বলত তেওঁৰ দলে নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেট হেৰুৱাই ৩৮৬ ৰানৰ বিশাল স্কোৰ থিয় কৰাবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত প্ৰতিপক্ষ বিজিএম নেশ্যনেল পাব্লিক স্কুলে নিৰ্ধাৰিত ৫০ অভাৰত ২৫৪ ৰানহে কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিতে ২০১৯ চনৰ ২০ ডিচেম্বৰত ১৪ বছৰ অনূৰ্দ্ধ ইণ্টাৰ জোনেল টুৰ্ণামেণ্টত ২০১ ৰানৰ এক শক্তিশালী ইনিংছ খেলি বাতৰিৰ শিৰোনামা দখল কৰিছিল।

পিতৃৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটৰ পথাৰত হাতত বেট লৈ সমিতে দাঙি ধৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাতৰিয়ে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

Related News