NORTHEAST NOW (Assamese)
দেশ

ৰাহুল গান্ধীক সমালোচনা ‘দ্য গ্ৰেট খালী’ৰ; বিজেপিৰ প্ৰশংসাত পঞ্চমুখ WWEৰ পূৰ্বৰ চেম্পিয়নজন

April 21, 2024 4:10 pm
ৰাহুল গান্ধীক সমালোচনা ‘দ্য গ্ৰেট খালী’ৰ; বিজেপিৰ প্ৰশংসাত পঞ্চমুখ  WWEৰ পূৰ্বৰ চেম্পিয়নজন

WWEৰ প্ৰাক্তন মল্লযুঁজাৰু তথা বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতা দালিপ সিং ৰানা ওৰফে ‘দ্য গ্ৰেট খালী’ দেওবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক ‘জুমলা’ বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে।

২০০০ চনত মল্লযুঁজত পেছাদাৰীভাৱে অভিষেক ঘটোৱা খালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কয়, “পি এম মোদীয়ে যি কৰিছে,সেয়া দৰিদ্ৰসকলৰ বাবে। ধনী আৰু কংগ্ৰেছ নেতাসকলে যিটো বুজি পায় সেয়া হ’ল ধনৰ ভাষা৷”

দ্য আণ্ডাৰটেকাৰৰ সৈতে এসময়ত ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্টত বিজয়ী হিচাপে পৰিগণিত হোৱা বিজেপি নেতাগৰাকীয়ে কয় যে, ‘পিএম মোদীয়ে এনেকুৱা কাম কৰিছে যিবোৰ মানুহে ভবা নাছিল৷’

‘দ্য গ্ৰেট খালী’ক ১৯ এপ্ৰিলত নিৰ্বাচনলৈ যোৱা আসনখনৰ বাবে মনোনয়ন দাখিল কৰাৰ পূৰ্বেোশেহতীয়াকৈ উধামপুৰত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সমাৱেশৰ সময়ত দেখা গৈছিল৷

সিঙৰ বাবে ভোট বিচাৰি খালীয়ে কয় যে সিঙৰ অধীনত অঞ্চলটোৰ অগ্ৰগতি হৈছে।২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পুনৰ নিৰ্বাচন ৰাজস্থানত অনুষ্ঠিত হ’ব।১৯ এপ্ৰিলত লোকসভাৰ ১২খন আসনৰ বাবে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ বিপৰীতে বাকী ১৩খন আসনত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।