NORTHEAST NOW (Assamese)

ৰায়বেৰেলীৰ বাবে ৱায়নাড লোকসভাৰ আসন এৰিব ৰাহুল গান্ধীয়ে; প্ৰিয়ংকা গান্ধীৰ সংসদীয় ৰাজনীতিত প্ৰৱেশৰ সম্ভাৱনা

June 17, 2024 7:48 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 17, 2024 7:51 pm

সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৱায়ানাড লোকসভাৰ আসন এৰি দিয়াৰ সিদ্ধান্ত লৈ শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত জয়ী হোৱা নিজৰ পাৰিবাৰিক দুৰ্গ ৰায়বেৰেলীত থকাৰ সিদ্ধান্ত লৈছে৷

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা লোকসভাৰ দুয়োখন আসনতে — কেৰালাৰ ৱায়ানাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত হোৱা সাধাৰণ নিৰ্বাচনত আকৰ্ষণীয় ব্যৱধানত জয়লাভ কৰে।

নতুন দিল্লীত কংগ্ৰেছ দলৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আলোচনাত মিলিত হোৱাৰ পাছত সংবাদমেলৰ সময়ত এই সিদ্ধান্ত ঘোষণা কৰে।

Related News