NORTHEAST NOW (Assamese)
দেশ

প্ৰধানমন্ত্ৰীক অমংগলীয়া বুলি কৈ বিজেপিৰ গোৱালগালিৰ সন্মুখীন ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2023 12:07 pm

ক্ৰিকেট বিশ্বকাপত একেৰাহে ১০ খন মেচত বীৰদৰ্পে বিজয় সাব্যস্ত কৰিছিল টীম ইণ্ডিয়াই।  সেই অভিলেখ ভংগ হৈছিল ফাইনেল মেচত। আই চি চি বিশ্বকাপৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ভাৰত। 

টীম ইণ্ডিয়াৰ পৰাজয়ত ধূলিসাৎ হ’ল কোটি কোটি ভাৰতীয়ৰ সপোন। ফাইনেলত কিয় পৰাস্ত হ’ল ভাৰত – চুবুৰীৰ চাহ দোকানৰ পৰা অফিচ বা বাছ-মেট্ৰ’লৈকে, সকলোতে এই বিশ্লেষণ চলি আছে। 

কোনোৱে দলটোৰ অতি আত্মবিশ্বাসক দোষাৰোপ কৰাৰ বিপৰীতে কোনোৱে দাবী কৰিছে যে এই জয়ৰ কাৰণ হৈছে বেয়া পিটচ আৰু অষ্ট্ৰেলিয়াৰ অভিজ্ঞতা তথা দুৰ্দান্ত প্ৰদৰ্শন।

কেৱল এয়াই নহয়, ৰাজনীতিতো পৰিছে বিশ্বকাপৰ প্ৰভাৱ। বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জগৰীয়া কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। 

মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰীক ‘অমংগলীয়া’ বুলি আখ্যা দি দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে খেল চাবলৈ ষ্টেডিয়ামলৈ অহাৰ বাবেই ভাৰত পৰাস্ত হৈছে। 

ৰাজস্থানৰ জালৌৰত নিৰ্বাচনৰ প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে কয় যে টীম ইণ্ডিয়াই বিশ্বকাপ জিকিবলৈয়ে লৈছিলে, কিন্তু অমংগলে তেওঁলোকক পৰাস্ত কৰিলে।

এতিয়া ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছত বিজেপি সমৰ্থক সকলে তীব্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধীক।