NORTHEAST NOW (Assamese)
Popular Stories

‍‘প্ৰতিশ্ৰুতি আছিল ৰাম ৰাজ, হ’ল গুণ্ডা ৰাজ’, আদিত্যনাথক সমালোচনা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 12:34 pm

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এজন সাংবাদিকক হত্যা কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিৰোধীয়ে শাসনাধিষ্ঠ চৰকাৰক তীব্ৰ বাক্য বানেৰে সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে।

এই হত্যাক লৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আদিত্যনাথ যোগী চৰকাৰক তীব্ৰ সমালোচনা কৰে।

লগতে পঢ়ক : ভতিজীৰ ওপৰত যৌন উৎপীড়ন : প্ৰতিবাদ কৰিবলৈ গৈ ৰাজপথত গুলীবিদ্ধ হ’ল সাংবাদিক

ৰাহুলে টুইট কৰি কয়, ‍‘নিজৰ ভতিজীৰ সৈতে হোৱা নিৰ্যাতন বিৰোধ কৰা বাবে সাংবাদিক বিক্ৰম যোশীক হত্যা কৰা হ’ল। শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো। প্ৰতিশ্ৰুতি আছিল ৰামৰাজ, দিলে গুণ্ডাৰাজ’।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে সাংবাদিক বিক্ৰম যোশীৰ পৰিয়ালে মৃতদেহ তেতিয়ালৈ চমজি নলয় যেতিয়ালৈকে হত্যাৰ মুখ্য আৰোপীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

লগতে পঢ়ক : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গাজিয়াবাদৰ গুলীবিদ্ধ সাংবাদিকে

উল্লেখ্য যে, সাংবাদিক বিক্ৰম যোশীৰ ভতিজীক যোৱা কিছুদিনৰ পৰা একাংশ লোকে নিৰ্যাতন চলাই আহিছিল। এই কথাৰ বাবে যোশীয়ে গাজিয়াবাদৰ থানা বিজয় নগৰত অভিযোগ দাখিল কৰে।

ইয়াৰ পিছত সোমবাৰে সন্ধিয়া বিক্ৰম যোশীয়ে নিজৰ কন্যাৰ সৈতে বাইকত আহি থাকোতে দুৰ্বৃত্তই ঘেৰাও কৰি লৈ গুলীয়াই।

লগে লগে তেওঁ যশোদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, আৰু বুধবাৰে তেওঁৰ মৃত্যু হয়।