NORTHEAST NOW (Assamese)
অসম

ৰাইনাৰ অনুপস্থিতিয়ে চি এছ কেত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে : এলবি মৰ্কেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 6:58 am

সুৰেশ ৰাইনাই চলিত আই পি এলৰ পৰা আতৰি থকাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই চেন্নাই চুপাৰ কিংগছত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ এলবি মৰ্কেলে।

”চেন্নাই চুপাৰ কিংগছৰ বাবে ৰাইনা ৰান মেচিন আছিল আৰু ফিল্ডিঙত সুদক্ষ…..চেন্নাই চুপাৰ কিংগছে এতিয়া ৰাইনাৰ বিকল্প এগৰাকী ক্ৰিকেটাৰ বিচাৰিব,” এলবি মৰ্কেলে লগতে কয়।

উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে চেন্নাই চুপাৰ কিংগছৰ হৈ ৭৮ খন খেলত ভাগ লৈছিল।

মৰ্কেলে মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভতো মত ব্যক্ত কৰি ধোনীক তেওঁ দেখা শ্ৰেষ্ঠ অধিনায়ক সকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কয়।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষৰ আই পি এল য়ু এ ইত অনুষ্ঠিত হ’ব।

য়ু এ ইত থকাৰ সময়তে চেন্নাই চুপাৰ কিংগছৰ ভালেকেইগৰাকী চাপোৰ্ট ষ্টাফৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণত আই পি এল নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতলৈ উভতি আহিছিল।