NORTHEAST NOW (Assamese)

তান্ত্ৰিকৰ ভাগ্য ঘুৰাই অনাৰ পৰামৰ্শ; বাতিল হোৱা পুৰণি নোট কিনি পূজা কৰা যুৱক সোমাল ৰঙাঘৰত

November 28, 2020 1:11 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰ্থিক দিশত কিছু বেয়া দিন চলিছিল যুৱকজনৰ। হাতত টকা-পইচাৰ নাটনি। মানসিকভাৱে দুৰ্বল হৈ পৰা এনে পৰিস্থিতিত পৰামৰ্শ ল’লে এক তান্ত্ৰিকৰ। সেই তান্ত্ৰিকৰ পৰামৰ্শই এইবাৰ কাল হৈ পৰিল যুৱকৰ।

তান্ত্ৰিকৰ পৰামৰ্শ মতেই পুৰণি বাতিল নোট কিনি সেই নোটৰ পূজা কৰিলে ৰাজস্থানৰ এজন ৩৫বছৰীয়া যুৱক হনুমান সিঙে।

কিন্তু এই কাম কৰিবলৈ গৈ বিপদতহে পৰিল যুৱকজন। বাতিল হোৱা পুৰমি নোট লগত ৰখাৰ বাবে নাগাউৰ থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে।

আৰক্ষীৰ জেৰাত হনুমান সিঙে জানিবলৈ দিয়ে যে আৰ্থিক সংকটৰ মাজতে তান্ত্ৰিক এজনৰ কবলত পৰে তেওঁ। তান্ত্ৰিকজনে তেওঁক পুৰণি নোট কিনি পূজা কৰিলে তেওঁৰ ভাগ্য ঘুৰি আহিব বুলি পৰামৰ্শ দিয়ে।

হনুমান সিঙে তান্ত্ৰিকৰ কথা মতেই নয়ন সিং ৰাজপুৰোহিত নামৰ ব্যক্তি এজনৰ পৰা ১লাখ টকাৰ বিনিময়ত ৫লাখ ২০হাজাৰ টকা মূল্যৰ পুৰণি বাতিল নোট কিনি আনে। কিনি অনা সেই নোটৰ আটাইখিনিয়ে আছিল পুৰণি ৫০০টকীয়া নোট।

ইয়াৰ পাছত হনুমান সিঙে সেই বাতিল পুৰণি নোট এজন আত্মীয়ৰ তাত ডেৰ লাখ টকাত বিক্ৰী কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি খৱৰ লাভ কৰাৰ পাছত হনুমান সিঙক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তদন্তত তান্ত্ৰিকৰ পৰামৰ্শৰ কথা পোহৰলৈ আহে। লগতে যিগৰাকী ৰাজপুৰোহিত নামৰ ব্যক্তিৰ পৰা পুৰণি বাতিল নোট ক্ৰয় কৰিছিল তেয়া হিচাপ বহিৰ্ভূত টকা আছিল। নোট বাতিলৰ পাছত সেই টকা ৰাজপুৰোহিতে বেংকত জমা দিব পৰা নাছিল।

হনুমান সিঙে পুৰণি সেই বাতিল নোটসমূহ পঞ্জাৱলৈ পঠিয়াই দিব বিচাৰিছিল যদিও তাৰ পূৰ্বে আৰক্ষীৰ জালত পৰে।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে হনুমান সিঙৰ জেৰা অব্যাহত ৰাখিছে।

Related News