NORTHEAST NOW (Assamese)

১৩ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অপেনাৰৰ ৰূপত ৰাজস্থান ৰোয়েলছৰ অধিনায়ক ষ্টিভ স্মিথ

September 22, 2020 9:40 pm · এন ই নাও নিউজ

ৰাজস্থান ৰোয়েলছৰ অধিনায়ক ষ্টিভ স্মিথে আজি অপেনাৰৰ ৰূপত ক্ৰিকেটৰ পথাৰত নামে।

আজি চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা আই পি এলৰ এখন খেলত যশস্বী জয়ছোৱালৰ সৈতে অপেনিং কৰিবলৈ আহে অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে, ১৩ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত ষ্টিভ স্মিথে এয়া প্ৰথমবাৰৰ বাবে অপেনাৰৰ ৰূপত অৱতীৰ্ণ হয়।

ইয়াৰ পূৰ্বে স্মিথে টেষ্ট, এদিনীয়া, টি-২০ খেলত মুঠ ৫৫১ ইনিংছত বিভিন্ন স্থানত বেটিং কৰিছিল।

ষ্টিভ স্মিথে প্ৰথমবাৰৰ বাবে অপেনিং কৰিবলৈ নামি দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে।

ৰাজস্থান ৰোয়েলছৰ হৈ আজি খেলিবলৈ সুযোগ লাভ কৰা অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে মাত্ৰ ৬ ৰান কৰিয়ে বিদায় লয়।

ৰিয়ানে চেম কৰণৰ বলত মহেন্দ্ৰ সিং ধোনীৰ হাতত কেচ তুলি দি পেভিলিয়ন মুখি হয়।

Related News