সামূহিক সুৰক্ষাৰ বাবে সকলোৱে একত্ৰে যুঁজিব লাগিব! চীনত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
অপাৰেচন সিন্দূৰৰ পিছত প্ৰথম বাৰ বাবে চীন ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ২৫ৰ পৰা ২৭ জুনলৈ কিংডাওত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ বাবে চীনত উপস্থিত হৈচে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী। য’ত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফো উপস্থিত থাকে।
অনুষ্থানত অংশগ্ৰহণ কৰি সিঙে কয় যে সন্ত্ৰাসবাদক সমৰ্থন আৰু নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা দেশসমূহে ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। তেওঁ আঙুলিয়াই দিয়ে যে কিছুমান দেশে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক নীতিগত আহিলা হিচাপে ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰে।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত মানদণ্ড থাকিব নালাগে বুলি উল্লেখ কৰি কয় সন্ত্ৰাসবাদৰ জড়িয়তে কেতিয়াও শান্তি আৰু সমৃদ্ধি নাহে। লগতে তেওঁ কয় যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণেভাৰতত লস্কৰ-ই-টাইবাৰ পূৰ্বৰ আক্ৰমণৰ সৈতে একে। তেওঁ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে। সন্ত্ৰাসবাদৰ পৰিকল্পনা, বিত্তীয় সাহায্য আৰু সমৰ্থন কৰাসকলক আমি জবাবদিহি কৰিব লাগিব।সন্ত্ৰাসবাদৰ সকলো কাৰ্য্য ভুল আৰু কাৰণ যিয়েই নহওক কিয়, ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। তেওঁ কয় যে আফগানিস্তানত শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা বৃদ্ধিৰ বাবে ভাৰত দায়বদ্ধ। একে সময়তে ভাৰত আৰু চীনে বাণিজ্য, ভ্ৰমণ সংযোগ আৰু আলোচনা পুনৰ আৰম্ভ কৰাকে ধৰি সম্পৰ্ক উন্নত কৰাৰ বাবে পদক্ষেপ হাতত লৈছে।