NORTHEAST NOW (Assamese)
অসম

বিধানসভাত আৰম্ভ হ’ল ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 31, 2022 9:22 am

বিধানসভাত আৰম্ভ হ’ল ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া।

কংগ্ৰেছৰ ৰিপুন বৰা, বিজেপি মিত্ৰজোঁটৰ পৱিত্ৰ মাৰ্ঘেৰিটা গগৈ আৰু ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীৰ ভাগ্য আজি নিৰ্ধাৰণ হ’ব।

বিজেপি মিত্ৰজোঁটৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিজয় এক প্ৰকাৰ নিশ্চিত বুলি ধাৰণা কৰা হৈছে।

ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে অসম বিধানসভাত প্ৰৱেশ কৰিছে।

দ্বিতীয়খন আসনত জয়ী হ’ব বুলি দৃঢ় বিশ্বাসী ৰণগৌৰা নাৰ্জাৰী।

“ফেইল নকৰো; পৰীক্ষাত পাছ কৰিমেই” বুলি দাবী কৰিলে নাৰ্জাৰীয়ে।

জয়ী হোৱাৰ বাবে হাতত দুটা সংখ্যা নাথাকিলেও নাৰ্জাৰী জয়ী হ’ব বুলি দৃঢ় বিশ্বাসী।