NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাৰ নিৰ্বাচন: বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে —অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 31, 2022 9:42 am

বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে ,এই মন্তব্য ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ।

আজিৰ দিনটো স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ যুঁজ বুলি উল্লেখ কৰি অখিল গগৈৰ দাবী “আমাৰ হাতত সংখ্যা থকাৰ পাছতো যদি বিজেপিয়ে জয়ী হ’ব বুলি কয় তেন্তে বিজেপিয়ে অন্যায়েৰে যুঁজ কৰিছে।”

ইপিনে; ৰিপুন বৰা জয়ী হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় “যদি কোনোবাই বিশ্বাসঘাতকতা কৰে তেন্তে ধৰা পৰি যাব। বিশ্বাসঘাতকৰ ৰাজনৈতিক ভৱিষ্যত বেয়া হ’ব। আমি যুঁজিম, আমি জিকিম।”

ইপিনে; ৰিপুন বৰাই বিধানসভাত প্ৰৱেশ কৰাৰ সময়ত সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী জয়ী হ’ব বুলি দৃঢ় বিশ্বাসী বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে।