NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাৰ নিৰ্বাচন: বাতিল হ’ব পাৰে শাসক পক্ষৰ তিনিটা ভোট

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 31, 2022 10:51 am
ৰাজ্যসভাৰ নিৰ্বাচন: বাতিল হ’ব পাৰে শাসক পক্ষৰ তিনিটা ভোট

বিধানসভাত চলি আছে ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান অন্ত পৰিব বিয়লি ৪ বজাত।

৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া।

ইপিনে শাসকীয় পক্ষৰ তিনিটা ভোট কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

বিজেপিৰ এটা,বিপিএফৰ এটা আৰু ইউপিপিএলৰ এটা।

তিনিওজনে ভোট দি সকলোকে দেখুওৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে।

ইতিমধ্যে তিওগৰাকী বিধায়কৰ ভোট বাতিলৰ বাবে ৰিটাৰ্ণিং বিষয়াক দাবী জনাইছে অখিল গগৈয়ে।

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী, বিপিএফৰ দুৰ্গাদাস বড়ো আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে কংগ্ৰেছৰ প’লিং এজেন্ট নুৰুল হুডাই ৰিটাৰ্ণিং বিষয়াৰ হাতত অভিযোগ দাখিল কৰে। তেওঁলোক তিনিওগৰাকীৰ বিৰুদ্ধে ভোটদান কৰি বেলট পেপাৰ ৰাজহুৱা কৰাৰ অভিযোগ উঠিছে।