NORTHEAST NOW (Assamese)

ৰাসৰ মূৰ্চ্ছনাত ডুব গৈছে ৰাজ্য; শিৱসাগৰৰ আখৈফুটীয়াত ৰাসোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

November 17, 2021 1:05 pm · এন ই নাও নিউজ, গুৱাহাটী

কালিলৈ সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হব ৰাস মহোৎসৱ। ৰাসৰ গীত-নৃত্যত মুখৰিত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ক’ভিদ মহামাৰীৰ মাজতে এইবাৰ চৰকাৰৰ নীতি-নিৰ্দেশনা মানি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী।

সমান্তৰাল কৈ শিৱসাগৰৰ বিভিন্ন স্থানত ৰাস আয়োজন কৰা হৈছে। শিৱসাগৰৰ আখৈফুটীয়াতো আয়োজন কৰা হৈছে ৰাসোৎসৱৰ।

বিগত বৰ্ষৰ দৰে এই বৰ্ষতও বৃহত্তৰ আখৈফুটীয়াবাসী ৰাইজৰ সহযোগত ৰাসৰ আয়োজন কৰা হৈছে। আৰু আখৈফুটীয়াবাসীয়েও ৰাসৰ আয়োজনত ব্যাপক প্ৰস্তুতি চলাইছে।

এইদৰে আজি প্ৰায় একমাহ ধৰি ৰাসৰ আখৰাত ব্যস্ত হৈ আছে এই সকল যুৱক-যুৱতী। চৌদিশে কেৱল এইদৰে শুনিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণৰ বন্দনা।

যেন ক্ৰমশঃ বকুল বৃন্দাবনলৈ পৰিণত হৈ পৰিছে সমগ্ৰ আখৈফুটীয়া অঞ্চল।

Related News