NORTHEAST NOW (Assamese)

৩ বা ৫ আগষ্টত আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য

July 18, 2020 8:27 pm · এন ই নাও নিউজ
ৰাম মন্দিৰৰ প্ৰতিৰূপ। ছবি সৌজন্য-- Odisha Times

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য ৩ বা ৫ আগষ্টত আৰম্ভ হ’ব, বাতৰিত প্ৰকাশ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুটা দিনৰ ভিতৰত যিকোনো এটা দিন বাচি ল’ব পাৰে।

ৰাম মন্দিৰৰ ন্যাসে ভূমি পূজনৰ বাবে উক্ত দুটা দিনৰ পৰামৰ্শ আগবঢ়াইছে।

ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ কামেশ্বৰ চৌপালে সদৰী কৰা মতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁলোকে এই দুটা দিন পঠাইছে।

আৰু প্ৰধান মন্ত্ৰীয়ে বাচনি কৰা মতেই এটা দিনত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ’ব।

নিৰ্মাণকাৰ্য্যৰ আৰম্ভণিৰ দিন বাচনিৰ বাবে ন্যাস যোৱা শনিবাৰে অযোধ্যাত এক বিশেষ বৈঠকত বহিছিল।

ন্যাসে লগতে সদৰী কৰা মতে ৰাম মন্দিৰৰ আধাৰ নিৰ্মাণৰ বাবে মাটিৰ গুণাগুণ পৰীক্ষাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

নিৰ্মাণকাৰী প্ৰতিষ্ঠান Larsen & Toubroই মাটি পৰীক্ষণৰ বাবে নমুনা সংগ্ৰহ কৰিছে।

মন্দিৰৰ আধাৰৰ নক্সা ভূপৃষ্ঠৰ ৬০ মিটাৰ তলৰ ভূমিভাগৰ শক্তিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ’ব।

Related News