NORTHEAST NOW (Assamese)

এল’পেথিক নিন্দা কৰা ৰামদেৱে সকাহ বিচাৰি পালেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া

June 24, 2021 8:27 am · এন ই নাও নিউজ
বাবা ৰামদেৱ।

এল’পেথিক নিন্দা কৰি এতিয়া দেশৰ চিকিৎসক সমাজৰ ৰোষত পৰা যোগগুৰু বাবা ৰামদেৱে এইবাৰ আইনী সকাহ বিচাৰি কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ।

ৰামদেৱৰ বিৰুদ্ধে আইএমএৰ পাটনা আৰু ৰাইপুৰ শাখাই দাখিল কৰা এজাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ স্থগিত ৰাখিবলৈ আৰু দুয়োটা গোচৰ একেলগ কৰি দিল্লীলৈ স্থানান্তৰিত কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ৰামদেৱে।

উল্লেখ্য এল’পেথি দৰৱৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবেই ৰামদেৱৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ধাৰা ১৮৮(চৰকাৰী কৰ্মচাৰীক কামত বাধা দিয়া), ধাৰা ২৬৯ (ৰোগৰ সংক্ৰমণ বৃদ্ধি কৰিব পৰা কাৰ্য কৰা) ধাৰা ৫০৪( উদ্দেশ্যপ্ৰণোদিত ভাবে কাৰোৱাক ঠাট্টা অথবা ইতিকিং কৰা)আদি আৰোপ কৰা হৈছে।

ৰামদেৱৰ বিৰুদ্ধে চিকিৎসক সমাজে তীৰ্যক মন্তব্য কৰি থকাৰ মাজতে ১ জুনত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ফেডাৰেছন অৱ ৰেছিডেণ্ট ডক্টৰ্ছ এছোচিয়েছনে।

সংস্থাটোৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰি কৈছিল যে দেশত কোভিডে সৃষ্টি কৰা বিষম পৰিস্থিতিৰ মাজতে চিকিৎসকসকলে তেওঁলোকৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰোগীক সেৱা আগবঢ়াই আছে।

এনে সময়তে ৰাম কিষাণ যাদৱ ওৰফে ৰামদেৱে যি তাচ্ছিল্যভৰা মন্তব্য কৰিছে তেনে মন্তব্যই চিকিৎসকসকলক ক্ষুণ্ণ কৰি তুলিছে। সেয়ে ৰামদেৱৰ মন্তব্যৰ প্ৰতিবাদ জনাবলৈ সংস্থাটোৱে ১ জুনৰ দিনা দেশজুৰি ক’লা দিৱস পালন কৰিছে।

ৰামদেৱৰ মন্তব্যই ভাৰত চৰকাৰৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে বুলিও বিবৃতিটোত আশংকা ব্যক্ত কৰা হৈছে। উল্লেখ্য ইণ্ডিয়ান মেডিকেল এছোচিয়েছনেও ৰামদেৱৰ বিৰুদ্ধে বহু ঠাইত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কেতবোৰ ভুল তথ্য দি মানুহক বিভ্ৰান্ত কৰাৰ অপৰাধতে সেয়ে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।
সংস্থাটোৱে কৈ আহিছে যে বাবা ৰামদেৱে আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কৰা মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।ভিডিঅ’টোত ৰামদেৱে কৈছে যে এল’পেথি দৰৱৰ কোনো কাম নাই।

এই দৰৱ খাই লাখ লাখ লোকৰ মৃত্যুহে হৈছে।ফেভিফ্লু, ৰেমডিচিভিৰ আদিৰ দৰে দৰৱে কোভিড ভাল কৰিব নোৱাৰে। ৰামদেৱে কৰা এনেবোৰ মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে মহামাৰী প্ৰতিৰোধ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল সংস্থাটোৱো।

উল্লেখ্য ৰামদেৱে ক’ৰ’নাৰ দৰৱ আৱিষ্কাৰ কৰা বুলিও দাবী কৰিছিল। উল্লেখ্য কিছুদিন পূৰ্বে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আৱিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।

পতঞ্জলিয়ে আনকি ক’ৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্তুত হৈছিল।

কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱলগীয়া হৈছিল পতঞ্জলি।

ৰামদেৱৰ পতঞ্জলিয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ক’ৰনিল দৰৱে সাত দিনৰ ভিতৰতে ক’ৰ’ণা ৰোগীক ৰোগ মুক্ত কৰিব পাৰে বুলি ৰামদেৱে দাবী কৰিছিল।
কিন্তু সেই সময়ত আয়ুষ দপ্তৰে ক’ৰনিলক কোভিডৰ দৰৱ হিচাবে প্ৰচাৰ নচলাবলৈ ৰামদেৱক সকিয়াই দিছিল।

Related News