NORTHEAST NOW (Assamese)

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 9, 2025 5:51 pm

কোভিড মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে যোগগুৰু ৰামদেৱে কৰা কথিত মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত ছত্তীশগড় আৰক্ষীয়ে এটা গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই প্ৰতিবেদন ন্যায়াধীশ এম এম সুন্দৰেশ আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠত উত্থাপন কৰে।

মেহতাই কয় যে ৰামদেৱৰ বিৰুদ্ধে অভিযোগ কিছুমান আগ্ৰহী গোটৰ পৃষ্ঠপোষকতাত হোৱা যেন লাগে।

ৰামদেৱক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ দাৱে কয় যে পূৰ্বৰ নিৰ্দেশ অনুসৰি ছত্তীশগড়ে প্ৰতিবেদন দাখিল কৰিছে যদিও বিহাৰে সেই কাম কৰা নাই।

ইয়াৰ পিছত বিচাৰপীঠে বিষয়টো ডিচেম্বৰলৈকে স্থগিত ৰাখে।

ইয়াৰ পূৰ্বে অভিযোগকাৰীসকলক অপৰাধমূলক কাৰ্য্যবিধি স্থগিত ৰখাৰ বাবে তেওঁৰ আবেদনত পক্ষ হিচাপে অভিযোগনামা দাখিল কৰিবলৈ কোৱা হৈছিল।

ইণ্ডিয়ান মেডিকেল এছচিয়েশ্যনৰ পাটনা আৰু ৰায়পুৰ অধ্যায়ই ২০২১ চনত অভিযোগ দাখিল কৰিছিল যে ৰামদেৱৰ এই মন্তব্যই কোভিড নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰতি পক্ষপাতিত্বৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু উপযুক্ত চিকিৎসাৰ সুবিধা লোৱাৰ পৰা মানুহক বাধা দিব পাৰে।

ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন সকাহ হিচাপে ৰামদেৱে অপৰাধমূলক অভিযোগৰ তদন্তত স্থগিতাদেশ বিচাৰিছিল।

মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে ৰামদেৱে কৰা মন্তব্যক লৈ বিহাৰ আৰু ছত্তীশগড়ত অভিযোগ দাখিল কৰিছিল ইণ্ডিয়ান মেডিকেল এছচিয়েশ্যনে।

আইপিচি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ বিভিন্ন ধাৰাৰ অধীনত যোগ গুৰুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ইফালে দিল্লী মেডিকেল এছচিয়েশ্যনে (ডি এম এ) এই গোচৰৰ পক্ষ হবলৈ অনুমতি বিচাৰিছিল, ৰামদেৱে এলোপেথীক অপমান কৰা আৰু ভেকচিন আৰু চিকিৎসাৰ প্ৰটকল অৱজ্ঞা কৰিবলৈ মানুহক উৎসাহিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।দিল্লী মেডিকেল এছ’চিয়েশ্যনে দাবী কৰিছিল যে ৰামদেৱৰ পতঞ্জলিয়ে যোগ্য কৰ্তৃপক্ষৰ অনুমোদন নোপোৱা “ক’ৰ’নিল” কিট বিক্ৰী কৰি ১০০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছিল।

Related News