NORTHEAST NOW (Assamese)

ধৰ্ষণৰ চেষ্টাত ব্যৰ্থ হৈ নাবালকৰ যৌনাঙ্গত ছুৰিকাঘাট কৰি গ্ৰেপ্তাৰ হ’ল ৰামসেৱক

August 20, 2020 8:23 am · এন ই নাও নিউজ
Updated: August 20, 2020 9:22 am
প্ৰতিকী ফ'টো

এগৰাকী নাবালকক যৌন উৎপীড়ন চলাই যৌনাঙ্গত ছুৰীৰে আঘাত কৰি গ্ৰেপ্তাৰ হৈছে এজন সাধু বাবা।

ঘটনাটো ঘটিছে পৱিত্ৰ ৰাম জনমভূমি উত্তৰ প্ৰদেশৰ অযোধ্যাত।

ঘটনাৰ বিৱৰণীৰ মতে ৰাম জনমভূমিৰ এখন আশ্ৰমৰ ৰামসেৱক দাস নামৰ সাধু বাবাজনে সৰুজ নদীৰ পৰা পানী আনিবলৈ গৈ এগৰাকী ১৪ বছৰীয়া কিশোৰক লগ পায়।

সাধু ৰামসেৱকে কিশোৰটিক নিজৰ আশ্ৰমলৈ নি অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰিবলৈ বলপূৰ্বকভাৱে চেষ্টা কৰে।

কিশোৰটিয়ে যৌন সম্পৰ্ক স্থাপনত বাধা দিয়াত অভিযুক্ত সাধু বাবা ৰামসেৱকে কিশোৰটিৰ যৌনাঙ্গত এখন ছুৰীৰে হানি আঘাত কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰটিয়ে কোনোৰকমে নিজকে লম্পত সাধুটোৰ কৱলৰপৰা মুকলি কৰিবলৈ সক্ষম হৈ আশ্ৰমৰ পৰা পলায়ন কৰে।

কিশোৰটি আশ্ৰমৰ পৰা পলয়ান কৰি নিজ গৃহ উপস্থিত হৈ অভিভাৱকক ঘটনাৰ সবিশেষ অৱগত কৰে।

ইয়াৰ পিছতে কিশোৰটিৰ অভিভাৱকে সাধু বাবা ৰামসেৱকৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

ইতিমধ্যে কিশোৰটিৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত অভিযুক্ত সাধু বাবা ৰামসেৱক দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News