NORTHEAST NOW (Assamese)
অসম

বিজেপিত যাবলৈ লাইন লগাই লাভ নাই, বান্ধি দিলে যোগদানৰ চৰ্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 7, 2019 8:19 pm
Ranjit Dass: Assam BJP to follow new "condition'' during membership drive

আন দলৰ পৰা ‘নেতা’ই বিজেপিত যোগদান কৰাৰ পূৰ্বে এতিয়াৰে পৰা মানিব লাগিব কিছু চৰ্ত বা নীতি নিৰ্দেশনা।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বান্ধি দিছে এই চৰ্ত, কিয়নো বিজেপি দলত এতিয়াৰ পৰা প্ৰয়োজন নাই ‘নেতা’ৰ।

‘বিশেষ নেতা হিচাপে নহয়, সাধাৰণ কাৰ্য্যকৰ্তা হিচাপে বিজেপিত স্থান আছে। বিজেপি ‘কেডাৰ ভিত্তিক’ দল সেয়েহে আমাক কেডাৰ লাগে, লিডাৰ নালাগে। পূৰ্বতে যি পৰ্য্যায়তে নাথাকক এতিয়া বিজেপিলৈ আহিব বিচাৰিলে কেডাৰ হিচাপেহে আহিব পাৰিব।‘, ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত সুষমা স্বৰাজৰ ‘শ্ৰদ্ধাঞ্জলি অনুষ্ঠান’ৰ অন্তত সংবাদ মাধ্যমৰ আগত এই চৰ্ত দাঙি ধৰে ৰাজ্যিক সভাপতিগৰাকীয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিজেপিত যোগদান কৰিলে কেৱল ‘দেশ সেৱা’ৰ মানসিকতা লৈহে যোগদান কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় ‘দেশ আৰু দলক সেৱা কৰাৰ কাৰণে কোনো ব্যক্তি বিজেপিলৈ আহিলে ক’বলগীয়া একো নাই। অন্য দলৰ নেতা, শিল্পী-সাহিত্যিক দেশ সেৱাৰ বাবে বিজেপিত যোগদান কৰিব পাৰে।’

তেওঁ লগতে কয় যে নেতা হিচাপে আহিলে বা প্ৰতিশ্ৰুতি বিচাৰি আহিলে সেইসকল ব্যক্তিৰ ভাৰতীয় জনতা পাৰ্টিত স্থান নাই।

কংগ্ৰেছ নেতা ভৰত আৰু ৰাণী নৰহেও গেৰুৱা দলত যোগ দিয়াৰ বাবে চেষ্টা চলাইছে বুলি শেহতীয়াকৈ বাতৰি প্ৰকাশ পাইছে।

ইপিনে, ১১ লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্যৰ ভিতৰত ইতিমধ্যে ৬ লাখ সদস্যভৰ্তি সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দি তেওঁ কয়, ‘ৰাজ্যত ১১ লাখ লক্ষ্য আছিল যদিও ১৫ লাখ হোৱাৰ সম্ভাৱনা আছে।’

ইপিনে, ২০২০ৰ বিটিএডি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অংশগ্ৰহণ কৰাটো নিশ্চিত বুলি তেওঁ ঘোষণা কৰে।

অৱশ্যে, মিত্ৰ দল অগপ বিপিএফৰ সৈতে আলোচনা কৰি কেনেকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব সেই সিদ্ধান্তত উপনীত হ’ব বুলিও তেওঁ উল্লেখ কৰে।